নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পূর্বপুৰুষলৈ কৃতজ্ঞতা

কৃতজ্ঞতা জনাব পৰাটো মানুহৰ এটা মহৎ গুণ৷ এই পৃথিৱীলৈ মানুহৰ যিটো বোৱঁতী ধাৰা সি পূর্বপুৰুষৰ পৰা ক্রমান্বয়ে বৈ আহিছে৷ পিতৃ–মাতৃৰ পৰাই আমাৰ এই পৃথিৱীখন দেখাৰ সৌভাগ্য হৈছে৷ কেৱল জন্মলাভ কৰাটোৱেই নহয় জন্মৰ পাছতো এগৰাকী বন্ধু, দার্শনিক আৰু পথ প্রদর্শক হিচাপে জীৱনৰ চালিকাশক্তি হিচাপে পিতৃ–মাতৃয়ে যি অৰিহণা যোগায়, তাৰ প্রতি কৃতজ্ঞ হোৱাটো সন্তানৰ এটা পৱিত্র দায়িত্ব আৰু কর্তব্য৷ অসমৰ এটি অন্যতম চহকী জনগোষ্ঠী আহোমসকলৰ পূর্বপুৰুষসকলক শ্রদ্ধাৰে সোঁৱৰণ কৰা তেনে এটি প্রথাই হ’ল মে–ডাম–মে–ফী৷ পূর্বপুৰুষসকলৰ সোঁৱৰণত আজিৰ দিনটোতে যি ধর্মীয় ৰীতি–নীতি পালন কৰা হৈ আহিছে তাৰ অন্তৰালত ধর্মীয় গুৰুত্বৰ সমান্তৰালভাৱে কৃতজ্ঞতাৰো এক শ্রদ্ধাশীল প্রকাশ এই মে–ডাম–মে–ফী৷ ভাৰতীয় সংস্কৃতিত কৃতজ্ঞতাৰ এনে পৰম্পৰা বহুযুগীয়া৷ সনাতন ধর্মীয় পৰম্পৰাটো পিতৃ–মাতৃৰ শ্রাদ্ধাদি কর্ম কৰাৰ যি ব্যৱস্থা আছে সিও আচলতে পূর্বপুৰুষসকলৰ প্রতি দেখুওৱা শ্রদ্ধাৰেই অন্য নাম৷ হিন্দু ধর্মৰ শাৰদীয় দুর্গাপূজাৰ পূর্বে মহালয়াৰ সময়তো হিন্দুধর্মী লোকসকলে পিতৃপুৰুষৰ শ্রাদ্ধাদি কৰি তেওঁলোকৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ দুর্গাপূজাৰ পূর্বৰ পষেকটোক এইবাবে পিতৃপক্ষ বুলি কোৱা হয়৷ ব্যক্তিগত পর্যায়তো পিতৃ–মাতৃৰ মৃত্যু তিথিত ধর্মীয় ৰীতি–নীতিৰে শ্রাদ্ধ কৰাৰ উপৰি বিবাহ আদি মাংগলিক কর্মতো পূর্বপুৰুষক সোঁৱৰণ কৰাৰ নিয়ম আছে৷ তেনেদৰে খ্রীষ্টান ধর্ম আৰু ইছলাম ধর্মতো পূর্বপুৰুষৰ প্রতি শ্রদ্ধা প্রদর্শনৰ ধর্মীয় পৰম্পৰা আছে৷

বিভিন্ন জনজাতীয় ৰীতি–নীতিৰ মাজতো এনে পৰম্পৰা দেখিবলৈ পোৱা যায়৷ কৃতজ্ঞতাই মানুহক সাহস আৰু উৎসাহ যোগাব পাৰে৷ পূর্বপুৰুষৰ যি অৱদান অনুসৰণ কৰিয়েই মানৱ জাতিয়ে প্রগতিৰ বাটত খোজ কাঢ়িবলৈ সক্ষম হৈছে, তেনে পূর্বপুৰুষৰ প্রতি শ্রদ্ধাশীল হোৱাটোৱে মানুহক দায়বদ্ধতাৰ বন্ধনেৰে সাঙুৰি ৰাখিব পাৰে৷ টাই আহোমসকলৰ ধর্মীয় পৰম্পৰা অনুসৰি এই দিনটোতে তেওঁলোকে পূর্বপুৰুষসকলক স্মৰণ কৰি বিশ্বশান্তিৰ বাবে কামনা কৰে৷ চাওলুং চুকাফা যেতিয়া অসমলৈ আহিছিল তেওঁৰ লগত অহা ম’–মুন–ম’–মাই দেওধায়ে এই পৰম্পৰাটো লৈ আহিছিল৷ এই দিনটোতে তেওঁলোকে তেওঁলোকৰ আদি পিতৃ লেংডন দেৱতা প্রমুখ্যে ৮জন ফীক উপাসনা কৰে৷ অসমত টিপামৰ বুঢ়া ডাঙৰীয়াৰ থানত প্রথমবাৰৰ বাবে এই পৰম্পৰাৰ পাতনি মেলা হয়৷ মে–ডাম–মে–ফী পৰম্পৰা ঘৰুৱাভাৱে পালন কৰাৰ উপৰি ৰাজহুৱাভাৱে পালন কৰা হয়৷ পৰম্পৰাগতভাৱে আয়োজিত এই পর্বটোৱে অনুজসকলৰ কেৱল মহানতাৰে পৰিচয় নিদিয়ে, ই তেওঁলোকক সাহসো প্রদান কৰে৷ পৰিৱেশ আৰু পৰিস্থিতি অনুসৰি মানুহৰ সামাজিক পৰম্পৰা গঢ় লৈ উঠে৷ তেনেক্ষেত্রত পূর্বপুৰুষৰ পৰা শিকা বিভিন্ন ৰীতি–নীতি বা উপদেশে এইক্ষেত্রত বিশেষ অৰিহণা যোগায়৷ মানুহৰ ব্যক্তিগত বা সামাজিক জীৱন পৰিক্রমাত এনেবোৰ অৰিহণাই পাথেয় হিচাপে কাম কৰে৷ অসমৰ সাংস্কৃতিক পৰম্পৰাত এনেবোৰ ৰীতি–নীতিয়ে বিশেষ মাত্রা লাভ কৰিছে৷ মে–ডাম–মে–ফীয়ে মানুহক কৃতজ্ঞ হোৱাৰ যি প্রেৰণা যোগায়, সিয়ে ব্যক্তিগত আৰু সামাজিক জীৱনক চহকী কৰি তোলে৷

You might also like