নিউজ ডেস্ক, ৩১ জানুৱাৰী : দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ ছাত্রীসকলক বিনামূলীয়াকৈ দিব লাগিব ছেনিটেৰী পেড৷– শুকুৰবাৰে এই নির্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে৷ সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলক এই বিষয়টো নিশ্চিত কৰিবলৈ কোৱা হৈছে৷
শীর্ষ আদালতখনে জনাইছে যে ঋতুস্রাৱৰ সময়ত পৰিষ্কাৰ–পৰিচ্ছন্নতা বজাই ৰখাটো মৌলিক অধিকাৰৰ ভিতৰত পৰে৷ সংবিধানৰ অনুচ্ছেদ ২১ত যি জীৱনৰ অধিকাৰৰ কথা কোৱা হৈছে, ঋতুস্রাৱৰ সময়ৰ পৰিষ্কাৰ–পৰিচ্ছন্ন তাৰ ভিতৰতে পৰে৷
ন্যায়াধীশ জে বি পার্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে জনাইছে যে যদি কোনো বেচৰকাৰী স্কুলে এই নির্দেশ নামানে, তেতিয়াহ’লে তেওঁলোকৰ অনুজ্ঞা-পত্র বাতিল কৰা হ’ব৷ এই নির্দেশ অমান্য কৰিলে কেৱল স্কুলেই নহয়, সংশ্লিষ্ট চৰকাৰখনৰো ব্যর্থতা হিচাপে গণ্য কৰা হ’ব৷