বৰহোলাৰ সেউজী কানন শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন অলপতে সেউজী ভৱনত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন কৰে শাখাৰ সভাপতি দিলীপ কুমাৰ খাউণ্ডে। স্মৃতি তৰ্পণ কৰে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দিগন্ত বৰাই। ৰসৰাজৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে শাখাৰ প্ৰাক্তন সভাপতি দ্বিপেন শইকীয়া আৰু ৰবীন মহন্তই। গছপুলি ৰোপণ কৰে সমাজসেৱিকা পূৰ্ণিমা হাজৰিকাই। সূৰ্যৱতী শইকীয়াৰ সম্পাদনাত প্ৰকাশিত প্ৰাচীৰ পত্ৰিকা ‘মণিকাঞ্চন’ উন্মোচন কৰে বিকে একাডেমীৰ অধ্যক্ষা ৰাণু শইকীয়া গগৈয়ে।
দুপৰীয়া সভাপতি দিলীপ কুমাৰ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ আঁত ধৰে সম্পাদক যামিনী মোহন বৰুৱাই আৰু উদ্বোধন কৰে শাখাৰ প্ৰাক্তন সভাপতি দ্বিপেন শইকীয়াই। সভাত অতিথি হিচাপে উপস্থিত থাকে শাখাৰ প্ৰাক্তন সম্পাদক তৰুণ গগৈ আৰু যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক ৰাজেন শইকীয়া।
সভাত ২০২৫ বৰ্ষত যোৰহাট জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰা শিক্ষক দীপাংকৰ বৰা আৰু ৰবীন মহন্তক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত সাহিত্যপ্ৰেমী ক্ৰমে গোবিন মহন্ত, ৰবীন চুতীয়া, জয়ৰাম হাজৰিকা, হেমন্ত ভাৰতী, বীণাপাণি দত্ত, দীপাংকৰ পূজাৰী, ফুলমণি শইকীয়া, নন্দিতা শইকীয়া, মীনাক্ষি বৰুৱা, মনালিছা সন্দিকৈ, ববী শইকীয়া, নৰেন্দ্ৰ সোণোৱাল আদি উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, তিতাবৰ, ৩১ জানুৱাৰী :