নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চিকেন নেক’ কাৰো পৈতৃক সম্পত্তি নহয়, বাংলাদেশক সকীয়নি গৃহমন্ত্রী অমিত শ্বাহৰ

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা উত্তপ্ত হৈ আছে পদ্মা নদীৰ পাৰ৷ সময়ে সময়ে ভাৰতবিৰোধী মন্তব্যৰে বাংলাদেশৰ ৰাজনীতিও গৰম হৈ থকা পৰিলক্ষিত হৈছে৷ শেহতীয়াভাৱে দেশখনৰ অধিকাংশ নেতাৰ মুখতে শিলিগুৰি কৰিড’ৰ বা ‘চিকেন নেক’ৰ কথা শুনিবলৈ পোৱা গৈছে৷ বাংলাদেশৰ আগ্রাসী মনোভাবৰ বিপৰীতে  শিলিগুৰিত এখন দলীয় কর্মীসভাত অংশগ্রহণ কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নাম নোলোৱাকৈ বাংলাদেশক কঠোৰ সকীয়নি প্রদান কৰে৷

অমিত শ্বাহে ভাষণ প্রসংগত কয় যে ‘চিকেন নেক’ কাৰো পৈতৃক সম্পত্তি নহয়৷ ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ শেহতীয়া কার্যকলাপৰ বিপৰীতে গৃহমন্ত্রীৰ এই মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷ বাংলাদেশত গঢ়ি উঠা মৌলবাদ আৰু ধ্বংসাত্মক কার্যকলাপৰ প্রভাৱ ভাৰতত পৰাৰ আশংকা কৰি দেশৰ সীমান্তৱর্তী অঞ্চলসমূহত ভাৰতীয় সেনাই কটকটীয়া সতর্কতা অব্যাহত ৰাখিছে৷ শিলিগুৰিকে ধৰি উত্তৰবংগৰ অন্যতম অংশ হ’ল ‘চিকেন নেক’৷ শেহতীয়াভাৱে এই অঞ্চলটোত উগ্রপন্থীৰ আক্রমণৰ আশংকাও বৃদ্ধি পাইছে৷ বাংলাদেশে বাৰে বাৰে ‘চিকেন নেক’ দখলৰ হুংকাৰ দিয়া মন্তব্যই ভাৰতৰ উত্তৰ–পূবৰ লোকসকলকো আতংকিত নকৰা নহয়৷

ইফালে চীনেও ‘চিকেন নেক’ৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে৷ শেহতীয়াভাৱে চীনৰ ৰাষ্ট্রদূত ইয়াও ৱেনে ৰংপুৰৰ কৌনিয়া উপ–জিলাৰ তিস্তা নদীৰ খহনীয়া পৰিদর্শন কৰিছে৷ বাংলাদেশৰ উত্তৰ প্রান্তত অৱস্থিত তিস্তা প্রকল্প এলেকাৰ সীমান্তৰ সিপাৰে পূব দিশত অৱস্থিত শিলিগুৰি কৰিড’ৰ৷ চোৰাংচোৱা সূত্রৰ খবৰৰ ভিত্তিত কোচবিহাৰ আৰু জলপাইগুৰি জিলাৰ ভাৰত–বাংলাদেশ সীমান্তত কটকটীয়া কৰা হৈছে চোৰাংচোৱাগিৰি৷ এই অঞ্চলটোৰ আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটতো গুৰুত্ব অধিক৷ কিয়নো শিলিগুৰি কৰিড’ৰ নেপাল, ভূটান, বাংলাদেশ আৰু চীন সীমান্তৰ নাতিদূৰৈত অৱস্থিত৷

You might also like