বাজেটৰ খবৰ : সস্তা হ’ল জোতা-কাপোৰ-চামৰাৰ সামগ্ৰী, বৃদ্ধি পালে সুৰাৰ দাম
ডিজিটেল ডেস্ক, ১ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বাজেট দাখিল কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে দাখিল কৰিছে এই বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৬-২৭ চনৰ বাজেটত অৰ্থনৈতিক বিকাশ, আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বাজেটত ছটা মূল খণ্ডত বৃদ্ধি, মেগা টেক্সটাইল আৰু এমএছএমই পুঁজি, হাই-স্পীড ৰে’ল কৰিডৰ, বায়’-ফাৰ্মা শক্তি, চিচিইউএছ প্ৰযুক্তি, সামুদ্ৰিক আৰু পৰিৱেশগত ট্ৰেইল, শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, এভিজিচি আৰু নাৰিকল-কাজু উৎপাদন আদি আঁচনি প্ৰস্তাৱ কৰা হৈছে।
কৰ সংস্কাৰৰ ভিতৰত টিচিএছৰ হাৰ কৰ্তন, ৰিটাৰ্ণ পুনৰীক্ষণৰ সময়সীমা বৃদ্ধি, ক্ষুদ্ৰ কৰদাতাৰ বাবে সহজ প্ৰক্ৰিয়া আৰু প্ৰ’আই বিনিয়োগৰ সীমা বৃদ্ধি আদি অন্তৰ্ভুক্ত।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়- মই এটা বিশেষ এককালীন পৰিকল্পনা প্ৰস্তাৱ কৰিছোঁ, ইয়াৰ ফলত ছেইজড (বিশেষ অৰ্থনৈতিক অঞ্চল)ৰ যোগ্য উৎপাদন ইউনিটসমূহে ঘৰুৱা বজাৰত ৰেহাইমূলক শুল্কত নিজৰ সামগ্ৰী বিক্ৰী কৰাত সহজ হ’ব। এনে বিক্ৰী তেওঁলোকৰ মুঠ ৰপ্তানিৰ পৰিমাণৰ এটা নিৰ্দিষ্ট অংশতহে সীমাবদ্ধ থাকিব।
মন কৰিবলগীয়া যে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এই বাজেট ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে। এই বাজেটখন এনে সময়ত দাখিল কৰা হৈছে যেতিয়া দেশখনে আমেৰিকাৰ উচ্চ শুল্কৰ সন্মুখীন হৈছে আৰু বিশ্বজুৰি অনিশ্চয়তাই বিৰাজ কৰিছে।
উল্লেখ্য যে বাজেটত উল্লেখ কৰা অনুসৰি খনিজ সামগ্ৰী, স্ক্ৰেপ আৰু সুৰাৰ দাম বৃদ্ধি হ’ব।
আনহাতে, জোতা, কাপোৰ, বেটাৰী, চামৰাৰ সামগ্ৰী, সৌৰশক্তি উৎপাদনৰ সঁজুলি, কৰ্কট ৰোগ সম্পৰ্কীয় ১৭বিধ ঔষধ, মাইক্ৰ’ৱেভ অ’ভেন, ৭টা জটিল ৰোগৰ ঔষধৰ লগতে ইলেকট্ৰিক বাহন, বিমানৰ টিকট, বায়’গেছ চিলিণ্ডাৰৰ দাম কমিব ।
বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে ১৭ বিধ কৰ্কট ৰোগ সম্পৰ্কীয় ঔষধত ৰেহাই দিয়া হ’ব।