নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সভাপতিৰ কার্যকাল তিনি বছৰীয়া কৰাক লৈ যুদ্ধংদেহি পৰিস্থিতি

ভাষা–সাহিত্য, জননীৰ সেৱাৰ উদ্দেশ্যৰে গঠিত অসম সাহিত্য সভা পৰিণত হৈছে ক্ষমতা হস্তগত কৰাৰ ৰণক্ষেত্রলৈ৷ সভাৰ ইতিহাসত একপ্রকাৰ অভিলেখ স্থাপন কৰি অসম সাহিত্য সভাৰ পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন পৰিণত হ’ল ৰণক্ষেত্রত৷

উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হৈছিল দ্বাদশ বিশেষ বার্ষিক অধিৱেশনখন৷ অধিৱেশনৰ আৰম্ভণিৰ দিনৰে পৰাই বিতর্কই লগ নেৰা অসম সাহিত্য সভাৰ প্রতিনিধি সভাত সংঘটিত হোৱা অনাহূত পৰিস্থিতিক লৈ ৰাজ্যৰ বৌদ্ধিক মহলত সর্বত্র তীব্র নিন্দাৰ সৃষ্টি হৈছে৷

প্রশ্ন উঠিছে অসমীয়া ভাষা–সাহিত্যৰ ৰক্ষার্থে শত শত মনীষীৰ বলিদানেৰে গঠিত অসম সাহিত্য সভাৰ পদমর্যাদা এতিয়াও অটুট আছেনে? কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হৈছিল প্রতিনিধি সভা৷ বিভিন্ন প্রসংগৰ উত্থাপন হৈ থকাৰ সময়তে সভাৰ সভাপতিৰ কার্যকাল দুবছৰীয়াৰ সলনি তিনি বছৰ কৰা সন্দর্ভত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে প্রতিনিধি সভাত এক প্রসংগ উত্থাপন কৰে৷

উল্লেখ্য যে বিগত কিছুদিন ধৰি অসম সাহিত্য সভাৰ মজিয়াত নিজৰ মইমতালিৰে বিভিন্ন সংশোধনৰ চেষ্টা চলাই থকা সভাপতি ড০ গোস্বামীৰ কার্যকলাপক লৈ যথেষ্ট অসন্তুষ্ট হৈ আছিল বহুকেইগৰাকী শীর্ষ নেতা৷ ইয়াৰ মাজতে সংবিধান বহির্ভূতভাৱে সভাপতি ড০ গোস্বামীয়ে কার্যকাল তিনি বছৰীয়া কৰা সন্দর্ভত উত্থাপন কৰাৰ পিছতে একপ্রকাৰ অগ্ণিগর্ভা হৈ পৰে প্রতিনিধি সভা৷

সভাপতিৰ পদত্যাগ দাবীৰে মঞ্চলৈ গৈ কেইবাগৰাকীও প্রতিনিধিয়ে গালি–গালাজ কৰাৰ লগতে কোনোপধ্যেই সাহিত্য সভাৰ সংবিধান সংশোধন কৰিবলৈ দিয়া নহ’ব বুলি উষ্মা প্রকাশ কৰে৷ ক্ষুব্ধ একাংশ প্রতিনিধিৰ মতে, সংবিধান মতে কোনোধৰণৰ কাম বর্তমানৰ সভাপতি ড০ গোস্বামীয়ে কৰা নাই৷ সংবিধান সংশোধনৰ বাবে এখন উপ–সমিতি অসম সাহিত্য সভাত আছে৷

এবছৰ সম্পূর্ণ হোৱাৰ পিছতো উক্ত উপ–সমিতিখন সম্পূর্ণ কৰাত কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰিলে বুলি ক্ষোভিত সদস্যসকলে উল্লেখ কৰে৷ অকল সভাপতিৰ কার্যকাল বৃদ্ধিয়েই নহয়, সভাপতি নির্বাচনৰ প্রক্রিয়াটো গণতান্ত্রিক পদ্ধতিৰ সলনি মনোনীত কৰাৰ ক্ষেত্রতো জোৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে সভাপতি ড০ গোস্বামীৰ বিৰুদ্ধে৷

এই সন্দর্ভত যোৱা ৩১ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা কার্যনির্বাহকত বিষয়টো উত্থাপন কৰা হৈছিল যদিও সভাই উক্ত বিষয়ক সম্পূর্ণৰূপে নস্যাৎ কৰে৷ সাহিত্য সভাৰ এটা সূত্রই অভিযোগ কৰা মতে, অসম সাহিত্য সভাৰ বিভিন্ন প্রকল্পত জমা হৈ থকা বৃহৎ পৰিমাণৰ ধনৰ লালসাতে এনেধৰণৰ অকল্পনীয় পৰিৱেশৰ সৃষ্টি হৈছে৷

ইপিনে প্রতিনিধি সভাত সৃষ্টি হোৱা অনাহক পৰিস্থিতিক লৈ দুখ প্রকাশ কৰিছে প্রধান সম্পাদক দেৱজিৎ বৰাই৷ বিতর্কিত পৰিস্থিতিক লৈ ৰাজহুৱাভাৱে ক্ষমা প্রার্থনা কৰি দেৱজিৎ বৰাই কয় যে গোটেই বিষয়টো সন্দর্ভত আমি অত্যন্ত দুঃখিত৷ অসম সাহিত্য সভাৰ উচ্চ সদন হৈছে প্রতিনিধি সভা৷ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্রতিনিধিয়ে এই সভাত অংশগ্রহণ কৰে৷ গুৱাহাটী অধিৱেশনতো প্রতিনিধি সভাখন শেষ মুহূর্তলৈকে ঠিকে–ঠাকে চলি আছিল যদিও অন্তিম মুহূর্তত সংবিধান সংশোধনৰ বিষয়ক লৈ এটা প্রস্তাৱ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে দাঙি ধৰিছিল৷

উক্ত প্রস্তাৱত বিভিন্নজনৰ মতৰ পার্থক্য হৈছিল৷ তেওঁ কয় যে বহু মানুহে গুৰুত্বপূর্ণ বিষয় এটা আলোচনা কৰিবলৈ যাওঁতে মত বিভেদ থকাটো স্বাভাৱিক৷ কিন্তু অসম সাহিত্য সভাৰ মজিয়াত এনেধৰণে পৰিৱেশ নষ্ট হোৱাটো অসমৰ ৰাইজে নিবিচাৰে৷ সভাপতিৰ কার্যকাল বৃদ্ধিৰ সন্দর্ভত উত্থাপন কৰা প্রস্তাৱক লৈ তেওঁ কয় যে উক্ত বিষয়টো অসম সাহিত্য সভাৰ কার্যনির্বাহকৰ বিগত বর্ষৰ ৯ মার্চত যোৰহাটত হোৱা সভাত সিদ্ধান্ত লোৱা হৈছিল৷

সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত সংবিধান সংশোধনৰ কাম আৰম্ভ কৰা হৈছিল৷ বিগত সময়ছোৱাত সভাপতি নির্বাচনৰ প্রক্রিয়াটো নতুন হোৱাৰ বাবে সেয়া ৰূপায়ণ কৰিবলৈ গৈ বহু বিতর্কৰ সৃষ্টি হৈছিল৷ এইবাৰো যদি এনেধৰণৰ অচলাৱস্থা বাহাল থাকে, তেন্তে পুনৰ পূর্বৰ অৱস্থা ঘূৰি আহিব বুলি আশংকা কৰিয়েই দায়িত্ব লৈয়ে এই সিদ্ধান্ত গ্রহণ কৰিছিল৷

সম্পূর্ণ বিষয়টোক লৈ দুয়োকুল ৰক্ষা কৰি প্রধান সম্পাদক দেৱজিৎ বৰাই কয় যে আমি বিষয়টো ভালদৰে আলোচনা কৰাৰ পৰিৱেশ নির্মাণ কৰিলে সমাধানৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ’লহেঁতেন৷ কিন্তু একাংশ প্রতিনিধিৰ অসন্তুষ্টিৰ বাবে এয়া সম্ভৱপৰ নহ’ল৷ সম্প্রতি বিষয়টোৰ আলোচনা স্থগিত ৰখাৰ লগতে পৰৱর্তী সময়ত উক্ত প্রক্রিয়াটো কেনেদৰে আগবঢ়াই নিব লাগে, এই সন্দর্ভত প্রতিনিধিসকলৰ পৰামর্শ মানিয়েই নেতৃত্বই আগবাঢ়ি যাব বুলি প্রধান সম্পাদক দেৱজিৎ বৰাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷

যিয়েই নহওক, অসম সাহিত্য সভা অসমীয়া সাহিত্য জগতৰ পিতামহস্বৰূপ বুলি ক’লেও হয়তো অত্যুক্তি কৰা নহয়৷ কিন্তু ইয়াৰ পিছতো সাহিত্য সভাৰ মর্যাদা ৰক্ষা কৰাৰ সলনি একাংশ বৌদ্ধিক বৃদ্ধ নেতাই ক্ষমতাৰ খঁকত এনেদৰে সাহিত্য সভাৰ মজিয়াখন অপৱিত্র কৰাক লৈ ৰাজ্যজুৰি বৌদ্ধিক মহলে তীব্র ভাষাৰে গৰিহণা দিছে৷

ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী

You might also like