নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৌদ্ধ ধর্মগুৰু দালাই লামাক সন্মানীয় গ্রেমী সন্মান প্রদান

গ্রেমী পুৰস্কাৰ লাভ কৰে দালাই লামাই৷ দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছত নৱতিকৰ বৌদ্ধ ধর্মগুৰুগৰাকীৰ হৈ পুৰস্কাৰ গ্রহণ কৰে সংগীত শিল্পী ৰুফাছ ৱেনৰাইটে৷ ‘মেডিটেচনছঃ দ্য ৰিফ্লেকচনছ অৱ হিজ হোলীনেছ দ্য ডালাই লামা’ নামৰ এলবামটিৰ বাবে তেওঁক এই সন্মান প্রদান কৰা হয়৷

উৎকৃষ্ট অডিঅ’ বুক বিভাগত পুৰস্কৃত হৈছে দালাই লামাৰ এই এলবামটি৷ অৱশ্যে এই এলবামটি গতানুগতিক গানৰ এলবাম নহয়৷ এলবামটিত আছে দালাই লামাৰ বার্তা, উপদেশ আৰু বাণী৷ দালাই লামাৰ বাণীৰ সৈতে আছে আৱহ সংগীত, ইয়াক সংগত কৰিছে প্রখ্যাত সৰোদ শিল্পী আমজাদ আলী খান আৰু তেওঁৰ দুই পুত্র আমান আলী বাংগাছ আৰু আয়ান আলী বাংগাছে৷

এই অডিঅ’ এলবামটিত মূলতঃ বিশ্বশান্তি, ধৈর্য, দয়া আৰু আশাৰ বার্তা শুনাইছে দালাই লামাই৷ পুৰস্কাৰ প্রাপ্তিৰ পিছত এই বিষয়ে তেওঁ মন্তব্য কৰে– ‘আমি কৃতজ্ঞতাৰে সৈতে এই পুৰস্কাৰ গ্রহণ কৰিছোঁ৷ আমি ইয়াক ব্যক্তিগত (প্রাপ্তি) হিচাপে চোৱা নাই৷ ই আমাৰ সকলোৰে দায়বদ্ধতাৰ স্বীকৃতিস্বৰূপ৷’

লগতে তেওঁ আৰু কয়– ‘আমি বিশ্বাস কৰোঁ যে বিশ্বৰ সকলো মানুহে কুশলে থকাৰ বাবে শান্তি, ধৈর্য, পৰিৱেশৰ প্রতি যত্ন আৰু মানৱীয়তা গুৰুত্বপূর্ণ, গ্রেমী পুৰস্কাৰে এই বার্তাসমূহক আৰু অধিক বিয়পাই দিয়াত সহায় কৰিব৷’

সংগীত মহলত গ্রেমী অত্যন্ত মানসম্পন্ন এটি পুৰস্কাৰ৷ উৎকৃষ্ট অডিঅ’ বুক বিভাগে দালাই লামাৰ এলবামটিৰ লগতে আৰু কেইবাটাও এলবাম প্রতিযোগিতালৈ আনিছিল৷ কিন্তু শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হয় বৌদ্ধ ধর্মগুৰুগৰাকীৰ বার্তাসম্বলিত এই এলবামটিয়ে৷

ইফালে, দালাই লামাই গ্রেমী পুৰস্কাৰ পোৱাত ক্ষুব্ধ হৈছে চীন৷ বেইজিঙৰ দাবী যে দালাই লামা কোনো ধর্মীয় ব্যক্তিত্ব নহয়৷ তেওঁক ‘পলাতক ৰাজনীতিক’ বুলি আখ্যা দি চীনৰ দাবী যে ধর্মৰ আঁৰত চীনবিৰোধী কার্যকলাপ চলাই গৈছে দালাই লামাই৷ দালাই লামাৰ পুৰস্কাৰ প্রাপ্তিৰ সন্দর্ভত সোমবাৰে সোধা এটা প্রশ্নৰ উত্তৰত চীনৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র লি জীয়ানে কয় যে ধর্মৰ নামত বিচ্ছিন্নতাবাদী কার্যকলাপ চলাই গৈছে এই দালাই লামাই৷

উল্লেখযোগ্য যে প্রায় ৬ দশক পূর্বে বর্তমান চীনৰ দ্বাৰা অধিকৃত তিব্বতৰ পৰা গোপনে ভাৰতলৈ আহি আশ্রয় লৈছিলহি চতুর্দশ দালাই লামা টেনজিং গেটছোৱে৷ সেই সময়ত তেওঁৰ বয়স আছিল মাত্র ২৪ বছৰ৷ তেওঁৰ লগত আছিল চীন অধিকৃত তিব্বতৰ পৰা পলাই অহা তেওঁৰ পৰিয়াল, পৰিজন আৰু অনুগামীসকল৷ হিমাচল প্রদেশৰ ধর্মশালাসহ ভাৰতৰ বিভিন্ন এলেকাত থিতাপি লৈছিলহি কেইবাহাজাৰো তিব্বতী বৌদ্ধধর্মী লোক৷ সম্প্রতি তেওঁ হিমাচল প্রদেশৰ ধর্মশালাত থাকে৷

ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী

You might also like