নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ গ্ৰেপ্তাৰ নিলম্বিত ACS নূপুৰ বৰা, চিএম ভিজিলেঞ্চৰ অভিযান

আজি পুনৰ গ্ৰেপ্তাৰৰ সন্মুখীন হ’ল দুৰ্নীতিগ্ৰস্ত নিলম্বিত এচিএছ বিষয়া নূপুৰ বৰা। মুখ্যমন্ত্ৰী ভিজিলেঞ্চ (CM Vigilance)-এ মালিগাঁৱৰ নিজা বাসগৃহৰ পৰা বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত নূপুৰ বৰাক চিএম ভিজিলেঞ্চৰ কাৰ্যালয়লৈ অনা হয়।

দুৰ্নীতিৰ গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নূপুৰ বৰা পূৰ্বে ভূমি জালিয়াতি গোচৰত অভিযুক্ত আছিল। উল্লেখযোগ্য যে তেওঁৰ বাসগৃহত চলোৱা চিএম ভিজিলেঞ্চৰ অভিযানত কোটি টকাৰ নগদ ধন লগতে সোণ-হীৰাৰ অলংকাৰ উদ্ধাৰ হৈছিল। এই ঘটনাৰ পিছতে ৰাজহ চক্ৰ বিষয়াগৰাকী নিলম্বিত কৰা হৈছিল।

সূত্ৰ অনুসৰি, নূপুৰ বৰাৰ বিৰুদ্ধে অৰ্ধশতাধিক লোকৰ সৈতে জড়িত ভূমি নামজাৰিত ব্যাপক জালিয়াতিৰ অভিযোগ আছে। লাখ লাখ টকাৰ বিনিময়ত পঞ্জীয়ন নকৰাকৈ অবৈধভাৱে ভূমি নামজাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত বৰপেটা জিলাৰ জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই চিএম ভিজিলেঞ্চত এজাহাৰ দাখিল কৰিছিল।

এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখি চিএম ভিজিলেঞ্চে পুনৰ নূপুৰ বৰাক গ্ৰেপ্তাৰ কৰে। ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তদন্তৰ জৰিয়তে এই জালিয়াতি চক্ৰৰ সৈতে জড়িত আন লোকসকলৰ নামো পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী

You might also like