নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : দিনে দিনে ম’ম’ খোৱাৰ নিচা বাঢ়ি গৈছিল কিশোৰজনৰ৷ ম’ম’ খাই ধন পৰিশোধৰ বাবে চুৰি কৰিবলৈ লৈছিল মাকৰ গহনা ৷ দিনৰ পিছত দিন ধৰি গহনাৰ বিনিময়ত ম’ম’ খাই গৈছিল কিশোৰজনে৷ নিজৰ অঞ্চলটোত ম’ম’ বিক্রী কৰা দোকানখনৰ পৰা ১৪ বছৰীয়া কিশোৰটিয়ে নিয়মিত খাইছিল ম’ম’৷ এনেদৰে দিনৰ পিছত দিন ধৰি ম’ম’ খাই থকা কথাটো গম পোৱা নাছিল তাৰ পৰিয়ালে৷ যেতিয়া গম পালে তেতিয়ালৈ অঞ্চলটোত দোকানখন নাছিল৷ দোকানীয়ে দোকানখন তুলি তাৰ পৰা আন ঠাইলৈ লৈ গৈছিল ৷ উত্তৰ প্রদেশৰ দেওৰীয়া জিলাৰ এই ঘটনাটো পোহৰলৈ অহাৰ পিছত মূৰে–কপালে হাত দিয়ে তাৰ পৰিয়ালৰ লোকসকলৰ উপৰি ওচৰ–চুবুৰীয়ায়ো৷
আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, এই কিশোৰটিৰ ঘৰ ৰামপুৰ কাৰখানা থানা এলেকাত৷ ফাষ্ট ফুড খাবলৈ বৰ ভাল পায় কিশোৰটিয়ে৷ কিশোৰটিয়ে বাস কৰা অঞ্চলটোৰ ফাষ্ট ফুডৰ দোকানত এগ ৰ’ল, চাওমিনৰ উপৰি তাৰ প্রিয় খাদ্য আছিল ম’ম’৷ কিন্তু প্রতিদিনে এনেদৰে এইবোৰ খাদ্য খাবলৈ পইচা দিয়াত আপত্তি কৰে তাৰ পৰিয়ালে৷ তাৰ পৰিপ্রেক্ষিততে কিশোৰটিৰ মনলৈ আহে অন্য এক চিন্তা৷ ম’ম’ খোৱাৰ নিচা সামৰিব নোৱাৰি ঘৰৰ আলমাৰিত থকা গহনা এডেও–দুডেওকৈ নি ওচৰৰ ম’ম’ৰ দোকানত দি ম’ম’ খাবলৈ ল’লে সি৷ তাৰ বিনিময়ত পেট ভৰাই সি ম’ম’ খায়৷ বহুদিন ধৰি তাৰ এই কার্য চলি থাকে৷
কিশোৰজনৰ এগৰাকী আত্মীয়ই সিহঁতৰ ঘৰলৈ গহনা নিবলৈ অহাত ঘটনাটো পোহৰলৈ আহে৷ মানুহগৰাকীক গহনা দিবলৈ আলমাৰি খুলিয়েই কিশোৰটিৰ পৰিয়ালে দেখে যে তাত এপদো গহনা নাই৷ লগে লগে আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ সদস্যসকলে৷ পৰিয়ালৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ পৰিয়ালে দাবী কৰা মতে, এনেদৰে কমেও ৮৫ লাখ টকাৰ গহনা হাত কৰিছে ম’ম’ৰ দোকানীজনে৷ অভিযুক্ত ম’ম’ দোকানীজনৰ সন্ধানত তালাচী আৰম্ভ কৰিছে আৰক্ষীয়ে৷ এই পর্যন্ত দোকানীজনৰ বা গহনাৰ কোনো শুং–সূত্র পোৱা নাই যদিও শীঘ্রে অভিযুক্তক আটক কৰিব পৰা যাব বুলি আশাবাদী আৰক্ষী৷