বাক্সা-নাৰায়ণপুৰত হাতীৰ আক্ৰমণত নিহত ৩, উদ্বিগ্ন গঞা
বাক্সা জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। বাক্সা জিলাৰ খৈৰাণীত বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকী লোকে কৰুণ মৃত্যুক সাবটি লয় মঙলবাৰে পুৱা। নিহত হয় গোবিন্দ মিজাৰ আৰু তেওঁৰ ভাইৱোৱাৰী উমিমায়া চাৰকি। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা গোবিন্দ মিজাৰ আৰু উমিমায়া চাৰকিক মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। উল্লেখ্য যে বাক্সা জিলাৰ পাগলাদিয়া নৈৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰায়ে বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হৈ আহিছে এই অঞ্চলসমূহৰ ৰাইজ। বন বিভাগো ব্যৰ্থ হৈছে বনৰীয়া হাতীৰ সন্ত্ৰাস নিয়ন্ত্ৰণত। সেয়েহে স্থানীয় ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰিত্ৰাণ বিচাৰি বন বিভাগক দাবী উত্থাপন কৰে ।
ইফালে পুৱতিনিশা নাৰায়ণপুৰত বন্যহস্তীয়ে প্ৰাণ ল’লে এজনৰ ৷ মৃত লোকজন নাৰায়ণপুৰৰ অসমৰ-অৰুণাচল সীমান্তৰ দোৰপাং বালিপুখুৰীৰ ধৰ্মেশ্বৰ দাস (৬৫)৷ হাতী অহাৰ উমান পাই শোৱাৰ পৰা বাহিৰলৈ আহোঁতেই আক্ৰমণ কৰে লোকজনক৷ ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী