ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীৰ উদ্যোগত অনুষ্ঠিত হোৱা সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ ২৫সংখ্যক ভাৰত ৰং মহোৎসৱ ২০২৬ত ঢকুৱাখনাৰ বেচৰকাৰী সংস্থা ৰংগভূমিয়ে চুতীয়া যুৱ সন্মিলন, অসমৰ সহযোগত দক্ষিণ-পূব এছিয়াৰ প্ৰথমগৰাকী মহিলা সামৰিক বাহিনীৰ সংগঠক তথা চুতীয়া জনগোষ্ঠীৰ শেষৰগৰাকী ৰাণী বীৰাংগনা সতী সাধনীৰ বীৰত্ব আৰু ত্যাগৰ বৰ্ণনাৰে মুনমী বৰদলৈৰ দ্বাৰা ৰচিত নাটক “কামৰূপা” ২ ফেব্ৰুৱাৰীত ইটানগৰৰ দৰ্জী খাণ্ডু ৰাজ্যিক কনভেনচন চেণ্টাৰৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰে।
নাটকৰ পৰিচালনা কৃষ্ণ ভূঞাৰ আৰু সামগ্ৰিক পৰিকল্পনা কৌস্তভ কিশোৰ চুতীয়াৰ। তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিপু বৰুৱাই সহ-পৰিচালনা কৰা ৬৪ মিনিটৰ নাটকখনত বাইশজন শিল্পীয়ে অভিনয় কৰে। তপন কুমাৰ বৰুৱাৰ পোহৰ, ভাইজান বৰুৱাৰ সংগীত, অংকিতা শইকীয়াৰ সাজসজ্জাৰ ব্যৱস্থাপনাত অৰুণাচলৰ শ শ দৰ্শক আপ্লুত হৈ পৰে। এই খবৰে সমগ্ৰ অসমৰ সাংস্কৃতিক জগতলৈ সুখবৰৰ লগতে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। ঢকুৱাখনাৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে নাট্য দলটিক শুভেচ্ছা জ্ঞাপন কৰিছে।