নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন

ডিজিটেল ডেস্ক, ৫ ফেব্ৰুৱাৰী : মাজত মাত্ৰ এটা নিশা। কাইলৈৰ পৰা অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন। গুৰুৰ বাণীৰে মুখৰিত হৈ পৰিছে অধিৱেশনস্থলী জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। অধিৱেশনস্থলীত ধ্বনিত হৈছে জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। গুৰুজনাৰ বাণীৰে জাতিক সংঘবদ্ধ কৰি নিজকে কৃষ্ণ সংস্কৃতিত বিলীন কৰি দিয়াৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক এই বাৰ্ষিক অধিৱেশন। ইতিমধ্যে ভকত সেৱাৰ উদ্দেশ্যে অসমৰ বিভিন্ন জিলাৰ পৰা সেৱা বাহিনীৰ দহ হাজাৰতকৈও অধিক সেৱক-সেৱিকা আহি উপস্থিত হৈছেহি অধিৱেশনস্থলীত। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সেৱা বাহিনীৰ শিবিৰ। মুখত হৰিনাম লৈ ভকতক সেৱা আগবঢ়াবলৈ সাজু হৈছে সেৱা বাহিনী।

You might also like