আজি পুৱা ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই আৰক্ষীয়ে এখন ফলবাহী চাৰিচকীয়া ট্ৰাকৰ পৰা ১২টা গো-ধন উদ্ধাৰ কৰাৰ সমান্তৰালকৈ দুজনকৈ সৰবৰাহকাৰীক কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, চুবুৰীয়া পশ্চিমবংগৰ পৰা ভিতৰুৱা পথেৰে অসমত প্ৰৱেশ কৰা এএছ-১৫এফচি-৪৭৯৬ নম্বৰৰ চাৰিচকীয়া সৰু মালবাহী ট্ৰাকখনৰ কাৰ্টনৰ তলত লুকুৱাই অনা হৈছিল গৰুকেইটা। গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ সন্মুখৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তীব্ৰ বেগেৰে গৌৰীপুৰ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে চলোৱা তালাচীত বাহনখনৰ পৰা ১২টাকৈ গো-ধন উদ্ধাৰ হয়।
গৰুকেইটা উদ্ধাৰ কৰাৰ সমান্তৰালকৈ আৰক্ষীয়ে বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বাংকু বাংকাৰৰ ছাইদুল ইছলাম আৰু টপেশ্বৰীৰ মান্নান আলী নামৰ দুজন সৰবৰাহকাৰীকো কৰায়ত্ত কৰা বুলি প্ৰকাশ। উল্লেখ্য যে বাহনখনৰ পৰা আৰক্ষীয়ে এমএল-০৪ডি-৯৬৯২ নম্বৰৰ আন এখন নম্বৰ প্লেটো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৫ ফেব্ৰুৱাৰী :