নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান্দৰদেৱাত নিশা আৰক্ষীৰ তালাচীত ড্ৰাগছসহ তিনি অৰুণাচলী যুৱক আটক

অসম-অৰুণাচলৰ সীমান্তৱৰ্তী বান্দৰদেৱাত আৰক্ষীয়ে তিনি অৰুণাচলী যুৱকৰ কবলৰ পৰা উদ্ধাৰ কৰে বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ। যোৱানিশা আৰক্ষীৰ তালাচী অভিযান চলাই থকাৰ মাজতে এখন সন্দেহজনক বাহনত তালাচী চলাওঁতে উদ্ধাৰ হয় ড্ৰাগছ।

তথ্য অনুসৰি, নাৰায়ণপুৰৰ পৰা  দুটা টোপোলাত লৈ অনা ড্ৰাগছভৰ্তি কণ্টেইনাৰ এখন বাহনত লৈ আনোতে আৰক্ষীৰ জালত পৰে  ড্ৰাগছ সৰবৰাহকাৰী তিনিটা। লগে লগে আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে যুৱক তিনিজনক। আৰক্ষীয়ে উদ্ধাৰ কৰা দুয়োটা টোপোলাত অনা ড্ৰাগছখিনিৰ ওজন ৬৩.৪২ গ্ৰাম।

জানিব পৰা মতে, বান্দৰদেৱাৰ ভাৰত পেট্ৰ’লিয়াম ডিপোৰ সমীপত সন্ধিয়া প্ৰায় ৮ বজাত আৰক্ষীৰ তালাচীত যুৱককেইজনে ব্যৱহাৰ কৰা  এ আৰ-০১ এইচ-৮৬৪২ নম্বৰৰ বাহনখন জব্দ কৰাৰ লগতে ড্ৰাগছখিনিও উদ্ধাৰ কৰে। অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ নাহৰলগুণৰ এফ ছেক্টৰৰ বিনোদ সাহা (৪৫), নাহৰলগুণ পল কলনীৰ বিৰি বস্কিং (৩২) আৰু কাৰ্চিংছাৰ তাডাৰ নানা (২৭)ক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

নিয়মীয়া বাৰ্তা, বান্দৰদেৱা, ৬ ফেব্ৰুৱাৰী :
You might also like