নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসক-নাৰ্ছক কোৱাৰেণ্টাইন কৰা হ’ব তাজ ভিভান্টাতঃ স্বাস্থ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ অসমৰ যিসকল চিকিৎসক-নাৰ্ছে ক’ৰোনা আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ সৈতে জড়িত হৈ আছে সেইসকলক ৭ দিনৰ কৰ্মৰ অন্তত ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হ’ব । গুৱাহাটীৰ অভিজাত হোটেল তাজ ভিভাণ্টাত এইসকল চিকিৎসক-নাৰ্ছক কোৱাৰেণ্টাইন কৰা হ’ব বুলি জানিবলৈ দিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

শনিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চিকিৎসক নাৰ্ছসকলক কোৱাৰেণ্টাইনত ৰখাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে তাজ ভিভাণ্টা কৰ্তৃপক্ষই । ইফালে, ৬ এপ্ৰিলৰ পৰা হোটেলখনৰ কৰ্মচাৰী সকলো নিয়োজিত হ’ব নিজ নিজ কামত । এই ক্ষেত্ৰত হ’ব লগা খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

প্ৰথম ৰাউণ্ডত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু নাৰ্ছ সকলক ১৪ দিনৰ বাবে তাজ ভিভাণ্টাত কোৱাৰেণ্টাইনৰ বাবে পঠোৱা হ’ব ।

You might also like