নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ পাকিস্তানৰ সোণ-তামৰ ওপৰত নজৰ ট্রাম্পৰ, বিনিয়োগ কৰিব প্রায় ১২ হাজাৰ কোটি

নিউজ ডেস্ক, ৭ ফেব্রুৱাৰী : পাকিস্তানৰ সোণ আৰু তামৰ খনিত বৃহৎ অংকৰ ধন বিনিয়োগ কৰিবলৈ আগবাঢ়িছে আমেৰিকা৷ পাকিস্তানৰ সর্ববৃহৎ প্রদেশ বেলুচিস্তানত আছে ‘ৰেক’ দিক’ খনি৷ ধাৰণা কৰা হয় যে এই খনিতেই আছে বিশ্বৰ আটাইতকৈ বেছি পৰিমাণৰ সোণ আৰু তামৰ ভাণ্ডাৰ৷ ৰেক’ দিক খনিত সোণ আৰু তাম আহৰণৰ বাবে ১৩০ কোটি মার্কিন ডলাৰ (ভাৰতীয় মুদ্রাৰ হিচাপ প্রায় ১২ হাজাৰ কোটি টকা) বিনিয়োগ কৰিবলৈ আগবাঢ়িছে ট্রাম্প প্রশাসন৷

দুষ্প্রাপ্য খনিজৰ যোগান নিশ্চিত কৰি যোৱা বুধবাৰে ‘প্রজেক্ট ভল্ট’ প্রকল্প আৰম্ভ কৰাৰ কথা প্রকাশ কৰিছে আমেৰিকাই৷ ১২ হাজাৰ কোটি টকাৰ এই প্রকল্পত মূলতঃ আমেৰিকাৰ বিভিন্ন প্রান্তৰ পৰা দুষ্প্রাপ্য খনিজ সংগ্রহ কৰা হ’ব৷ বিশ্বৰ সর্ববৃহৎ দুষ্প্রাপ্য খনিজ ভাণ্ডাৰ আছে চীনত৷ বৈদ্যুতিক যান–বাহন নির্মাণসহ বিভিন্ন ক্ষেত্রত এই ধৰণৰ খনিজৰ প্রয়োজন হয়৷ সাম্প্রতিক সময়ত ইয়াৰ বর্ধিত চাহিদাৰ কথা মনত ৰাখিয়েই আমেৰিকাৰ উপৰি চীনেও বিভিন্ন দেশৰ সৈতে বিভিন্ন বিষয়ত দৰ–দাম কৰাৰ পথত আগবাঢ়িছে৷

ধাৰণা কৰা হৈছে যে এনে এটি বাধ্যবাধকতাৰ পৰা পৰিত্রাণ পাবলৈ আৰু চীনৰ ওপৰত নির্ভৰতা হ্রাস কৰিবলৈ দুষ্প্রাপ্য খনিজ সঞ্চয়ৰ ওপৰত আত্মনির্ভৰ হ’বলৈ বিচাৰিছে ট্রাম্প প্রশাসন৷ ‘প্রজেক্ট ভল্ট’ সংক্রান্তীয় যি তথ্য সম্প্রতি পোহৰলৈ আহিছে, তাত দেখা গৈছে যে এই প্রকল্পত আমেৰিকাৰ বাহিৰে কেৱল পাকিস্তানতেই ধন বিনিয়োগ কৰা হৈছে৷ প্রাথমিকভাৱে এই প্রকল্পৰ বাবে ঋণ আগবঢ়াব আমেৰিকাৰ এক্সপ’ৰ্ট–ইম্প’ৰ্ট বেংকে (এক্সিম)৷

উল্লেখ্য যে বেলুচিস্তানৰ ৰেক’ দিক খনিটো আফগানিস্তান সীমান্ত সংলগ্ণ এলেকাত আছে৷ পাকিস্তানৰ এই প্রদেশখন দীর্ঘদিন ধৰি অশান্তিৰ কাৰণে বাতৰিৰ শিৰোনামত আছে৷ বেলুচ বিদ্রোহী সংগঠনসমূহে প্রায়েই পাক সেনাৰ বিৰুদ্ধে হাতত অস্ত্র তুলি লয়৷ তদুপৰি এইখন প্রদেশত সক্রিয় হৈ আছে আন এটা বিদ্রোহী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তান বা টিটিপি৷ বেলুচ বিদ্রোহীসকলৰ অভিযোগ যে মুনাফা অর্জনৰ লোভত খনিজসমৃদ্ধ বেলুচিস্তান প্রদেশক অন্য ৰাষ্ট্রৰ ওচৰত কার্যতঃ বিক্রী কৰি দিছে ইছলামাবাদে৷ বিনিময়ত বেলুচসকলৰ বাবে ন্যূনতম উন্নয়নৰ কামো কৰা হোৱা নাই বুলি তেওঁলোকে অভিযোগ তুলিছে৷ লক্ষণীয় যে এই প্রদেশৰ অনেক খনিত ধন বিনিয়োগ কৰিছে চীনেও৷

You might also like