নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ সংঘৰ অধিৱেশনত ‘লালেটাপু যুদ্ধ’ৰ শুভ উন্মোচন

শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ নাহৰবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন ৷ এই অধিৱেশনৰ গ্ৰন্থ বিপণী ক্ষেত্ৰত আজি জামুগুৰিহাটৰ লেখক সাংবাদিক ফণীন্দ্ৰ বৰুৱাই ঐতিহাসিক পটভূমিৰ ওপৰত লিখা “লালেটাপু যুদ্ধ” নামৰ গ্ৰন্থখনৰ শুভ উন্মোচন কৰা হয় ৷ গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন কলিতাই ৷

জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম অঞ্চলৰ এসময়ৰ অসমীয়া মানুহৰ ভৰা গাঁও কেনেকৈ অবৈধ বাংলাদেশীয়ে কাঢ়ি লয়, কেনেকৈ নামঘৰৰ ভূমি এৰি অসমীয়া মানুহ আঁতৰি আহিল, সাতজনকৈ পাহোৱাল অসমীয়াক কেনেকৈ সন্দেহজনক বাংলাদেশীয়ে হানি-খুঁচি নৃশংসভাৱে হত্যা কৰিলে, ব্ৰক্ষ্মপুত্ৰৰ বুকুত ফেৰীত কিদৰে অসমীয়াক কেনেকৈ খেদি খেদি নৃশংস আক্ৰমণ কৰিছিল, এই সকলো কথা গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে।

লেখক, সাংবাদিক ফণীন্দ্ৰ বৰুৱাই বহু গৱেষণা কৰি প্ৰস্তুত কৰি উলিওৱা উক্ত গ্ৰন্থখনৰ প্ৰতি পাঠক সমাজ আগ্ৰহী হৈ পৰিছে । আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰথম দিনটোতে অমূল্য গ্ৰন্থখন উন্মোচন হোৱাত উৎফুল্লিত হৈ পৰিছে পাঠক সমাজ । ‘লালেটাপু যুদ্ধ’ সাহিত্য জগতলৈ নিশ্চিতভাৱে এখন উৎকৃষ্ট গ্ৰন্থ উপহাৰ বুলি ক’ব পাৰি l

নিয়মীয়া বাৰ্তা, বালিপৰা, ৭ ফেব্ৰুৱাৰী :

You might also like