নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ টকাৰ বাবে ৩০ বছৰৰ কাৰাদণ্ড, নির্দোষী প্রমাণিত হোৱাৰ পিছদিনাই মৃত্যু বৃদ্ধৰ

নিউজ ডেস্ক, ৮ ফেব্রুৱাৰী : ২০ টকা উৎকোচ লোৱাৰ অভিযোগত ৩০ বছৰৰ কাৰাদণ্ড ভুগিছিল গুজৰাটৰ এজন প্রৌঢ়ই৷ ৪ ফেব্রুৱাৰীত নির্দোষী ঘোষণা কৰাৰ এদিন পিছতে আকস্মিকভাৱে মৃত্যু হয় বাবু ভাই প্রজাপতি নামৰ লোকজনৰ৷

গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া এক ৰায়দানত বাবু ভাই নির্দোষী প্রমাণিত হয়৷ ৰায়দানৰ পিছতে বাবু ভায়ে কৈছিল– ‘মোৰ কলংক আঁতৰাই দিয়া হৈছে৷ এতিয়া ভগৱানে লৈ গ’লেও কাৰো দোষ নাথাকিব৷’ বাবু ভায়ে কোৱাৰ দৰেই পিছদিনাই তেওঁৰ মৃত্যু হয়৷

বাবু ভাই আহমেদাবাদ আৰক্ষীৰ কনিষ্টবল আছিল৷ ১৯৯৭ চনত ২০ টকা উৎকোচ লোৱা বুলি তেওঁৰ বিৰুদ্ধে নিম্ন আদালতত অভিযোগনামা দাখিল কৰিছিল৷ ২০০২ চনৰ পৰাই এই গোচৰৰ শুনানি আৰম্ভ হৈছিল৷ ২০০৪ চনত বাবু ভাইক নিম্ন আদালতে দোষী সাব্যস্ত কৰে ৷ তাৰ পিছতে ৪ বছৰ কাৰাদণ্ড বিহা হৈছিল বাবু ভাইক৷ এই ৰায়ক প্রত্যাহ্বান জনাই তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ২২ বছৰ ধৰি বিচাৰাধীন হৈ আছিল গোচৰটো৷

You might also like