বৰপেটাৰ বাঘমাৰাত যুৱ সমাজে কুখ্যাত ড্ৰাগছ মাফিয়া জিন্দাদুৰ ৰহমানক হাতে-লোটে ধৰি গতাই দিয়ে আৰক্ষীক | জানিব পৰা মতে, আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং বাঘমাৰা চৰৰ জিন্দাদুৰে দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় |
নিশা গোপন সূত্ৰৰ পম খেদি স্থানীয় যুৱকবৃন্দই আটক কৰে জিন্দাদুৰক। তেওঁৰ পৰা জব্দ কৰা হয় ৩৬টাকৈ কন্টেইনাৰ আৰু ৩.৪৬ গ্ৰাম ড্ৰাগছ | আৰক্ষীক খবৰ দিয়াত জব্দকৃত ড্ৰাগছখিনিৰ লগতে অভিযুক্তক আলোপতিচৰ আৰক্ষীৰ এটা দলে থানালৈ লৈ যায়। অঞ্চলজুৰি ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আৰক্ষীক আহ্বান জনায় স্থানীয় ৰাইজে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১০ ফেব্ৰুৱাৰী :