নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া কাৰ্যসূচীৰে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত শিমলু উৎসৱ

বননিত সৰাপাতৰ জুনুকা বাজি থকাৰ সময়তেই ধূলিয়ৰি বাটেৰে আহিছে ফাগুন ৷ ধূলিময় পৰিৱেশতো ফাগুন অহাৰ বাটত ৰঙাদলিচা পাৰি দিছে ৰঙা শিমলুৱে ৷ এই শিমলুক কেন্দ্ৰ কৰিয়েই লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত দুদিনীয়াকৈ আয়োজন কৰা হ’ল ‘শিমলু উৎসৱ’ ২০২৬।

শিমলু ফুলৰ ৰঙা পৰিৱেশে এক অনন্য মাত্ৰা প্ৰদান কৰিছে পুনৰুজ্জীৱিত হোৱা অভয়াৰণ্য দুখনক । এসময়ত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত আছিল লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য। অভয়াৰণ্য দুখনলৈ প্ৰকৃতিয়ে দিয়া নান্দনিক সৌন্দৰ্যৰ সুযোগ লৈ অভয়াৰণ্য কৰ্তৃপক্ষয়ো পৰ্যটকক আকৰ্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এইবেলি তৃতীয়বাৰৰ বাবে লাওখোৱা অভয়াৰণ্যত উদযাপন কৰিছে ব্যতিক্ৰমী উৎসৱ ‘শিমলু উৎসৱ ২০২৬’ ।

এই শিমলু উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় চাইক্লিং আৰু মাৰাথন দৌৰ প্ৰতিযোগিতা। দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে আজিৰ পৰা লাওখোৱা অভয়াৰণ্যত আৰম্ভ হোৱা শিমলু উৎসৱৰ মাজেৰেই পৰ্যটকক আকৰ্ষণৰ চেষ্টা কৰিছে নগাঁও বন্যপ্ৰাণী সংমণ্ডল তথা লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য কৰ্তৃপক্ষই । প্ৰথম দিনাৰ ৩২ কিঃমিঃ চাইক্লিঙত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকে আহি অংশগ্রহণ কৰিছে। দ্বিতীয় দিনা ৩২ কিঃমিঃ মাৰাথন দৌৰ প্ৰতিযোগিতাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহি অংশগ্রহণ কৰিব বুলি বন বিভাগে জনাইছে।

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ১৪ ফেব্ৰুৱাৰী :

You might also like