নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

ডিজিটেল ডেস্ক, ১৪ ফেব্ৰুৱাৰী : কেইবাটাও উন্নয়নৰ বতৰা লৈ শনিবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজি পুৱা অসমভূমিত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক উপহাৰ দিয়ে কেইবাটাও অভিলাষী প্ৰকল্প ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মৰাণত ইমাৰ্জেন্সী লেণ্ডিং ফেচিলিটী (ELF) উদ্বোধন কৰে। তাৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয় গুৱাহাটীত। গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীলৈ কেইবাটাও উল্লেখ্যযোগ্য প্ৰকল্প উদ্বোধনেৰে উপহাৰ আগবঢ়ায়। ইয়াৰ ভিতৰত বহু প্ৰত্যাশিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। দেওবাৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সেতু খোজকাঢ়ি পৰিদৰ্শন কৰে ।

উল্লেখ্য যে এই অত্যাধুনিক ছয়লেনযুক্ত দলংখন প্ৰায় ৩,০৩০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে । ই উত্তৰ-পূব ভাৰতৰ প্ৰথমখন এক্সট্ৰাড’জড দলং । এই দলংখন নিৰ্মাণৰ ফলত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াতৰ সময় মাত্ৰ ৭ মিনিটলৈ হ্ৰাস পাব।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ লগতে IIMৰ অস্থায়ী কেম্পাছ আৰু ১০০খন ইলেক্ট্ৰিক বাছো মুকলি কৰি ৰাজ্যবাসীলৈ উপহাৰ আগবঢ়ায়।

You might also like