ডিজিটেল ডেস্ক, ১৪ ফেব্ৰুৱাৰী : বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক-কবি তৰেণ বড়ো আৰু নাই। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সাহিত্য অকাডেমিৰ বড়ো ভাষাৰ উপদেষ্টা সমিতিৰ আহ্বায়ক তৰেণ বড়োৰ বিয়োগৰ খবৰ শুনি ৰাজ্যবাসী মৰ্মাহত হৈ পৰিছে ৷ মহানগৰীৰ উইন্ট্ৰ’ব হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক-কবি তৰেণ বড়োৱে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে দিনৰ ২.৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
তৰেণ বড়োৰ বিয়োগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ তদুপৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনেও বিশিষ্ট সাহিত্যিকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।