নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত হ’ব দেশৰ প্ৰথমটো Rail cum Road টানেল, লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদ মেল

ডিজিটেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : অসমত শীঘ্ৰেই আৰম্ভ হ’ব দেশৰ প্ৰথমটো আৰু বিশ্বৰ দ্বিতীয়টো Rail cum Road টানেল, য’ত ৰে’ল আৰু যান-বাহন একেলগে চলিব।- দেওবাৰে পুৱা লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীৰ বাবে কেইবাটাও ভাল খবৰ লৈ দেওবাৰে পুৱা লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ ১৭৫ ফুট তলেৰে হ’ব সুৰংগ পথটো। নুমলীগড়-গহপুৰ এই নদী সুৰংগ পথটো কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ। এই সুৰংগ পথ নিৰ্মাণত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰিছে ৰাজ্য চৰকাৰে। এই সুৰংগ পথে গহপুৰৰ পৰা নুমলীগড়ক সংযোগ কৰিব। ১৮,৬৬২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব এই সুৰংগ পথ। গহপুৰ-নুমলীগড় সংযোগী সুৰংগ পথৰ মুঠ দৈৰ্ঘ্য হ’ব ৩৪ কিলোমিটাৰ। দেশৰ ভিতৰতে দীৰ্ঘতম সুৰংগ হ’ব এই গহপুৰ-নুমলীগড় সুৰংগ পথ। দেশৰ নিৰাপত্তাৰ বাবে এই প্ৰকল্প অতি গুৰুত্বপূৰ্ণ। শত্ৰু ৰাষ্ট্ৰৰে যুদ্ধৰ সময়ত এই প্ৰকল্পই সুৰক্ষা দিব উত্তৰ-পূবক। ব্ৰহ্মপুত্ৰৰ তলেৰে ভাৰত চৰকাৰ, সেনা, NHIDCLৰ সহযোগত নিৰ্মাণ হ’ব এই সুৰংগ পথ। ৰে’ল বিভাগেও সহযোগ কৰিব এই সুৰংগ পথ নিৰ্মাণত। বিশ্বত জাৰ্মানী আৰু ডেনমাৰ্কক সংযোগ কৰা আন এটা এনে টানেল আছে।

তদুপৰি শিলচৰ-শ্বিলং-গুৱাহাটী হাইস্পীড ৰোড অসমে লাভ কৰিছে। ২২,৮৬৪ কোটি টকাৰে নিৰ্মাণ হ’ব শিলচৰ-শ্বিলং-গুৱাহাটী হাইস্পীড ৰোড। মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে শিলান্যাস কৰিব এই প্ৰকল্পৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলখনত কয় যে শীঘ্ৰে আৰম্ভ হ’ব কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ কাম। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা ধামলৈ হ’ব ৰ’পৱে। এতিয়া কামাখ্যা ৰ’পৱে নিৰ্মাণৰ বাবে থকা আইনী বাধা আঁতৰিল। IIT গুৱাহাটী আৰু NIHৰ অধ্যয়নত কামাখ্যাৰ ক্ষতি নহয় বুলি প্ৰতিবেদনত আহিছে। ন্যায়ালয়ৰ বাধা আঁতৰাৰ বাবে এতিয়া আৰম্ভ হ’ব নিৰ্মাণকাৰ্য।

আনহাতে, বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ৪ লেনযুক্ত পথ, গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিড’ৰ হ’ব। গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণৰ বাবে ৫৭২৯ কোটি টকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যয় কৰিব। গুৱাহাটী ৰিং ৰোড প্ৰকল্পত নতুন সংযোজন হ’ব। বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ হ’ব এলিভেটেড কৰিড’ৰ। ১৫০০ কোটি টকা ব্যয় হ’ব এই এলিভেটেড কৰিড’ৰত।

You might also like