নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত হাইদৰাবাদ আৰক্ষীৰ অভিযান

ডিজিটেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : চামগুৰিত সোণ চোৰৰ বিৰুদ্ধে হাইদৰাবাদ আৰক্ষীৰ অভিযান। অভিযানত আটক হয় পুৰণিগুদাম চলচলীৰ এজন যুৱক। হায়দৰাবাদত বিভিন্ন চুৰি কাৰ্যৰ লগত জড়িতৰ লগতে প্ৰায় ১৩ তোলা সোণ চুৰি কৰি অনাৰ অভিযোগত আটক কৰে যুৱকজনক।

আটকাধীন যুৱকজনৰ নাম মিঠুন ৰাজখোৱা। যুৱকজনে হাইদৰাবাদৰ বিভিন্ন প্ৰান্তৰ পৰা সোণখিনি চুৰি কৰি অনাৰ অভিযোগ। ইয়াৰ পূৰ্বেও হাইদৰাবাদত বহুকেইটা চুৰি কাৰ্যৰ অভিযোগত জে’লত আছিল আটকাধীন যুৱকজন। চামগুৰি আৰু হাইদৰাবাদ আৰক্ষীৰ যৌথ অভিযানত আটক হয় যুৱকজন। অধিক সোধা-পোছাৰ বাবে যুৱকজনক গ্ৰেপ্তাৰ কৰি হাইদৰাবাদলৈ ৰাওনা হয় হাইদৰাবাদ আৰক্ষীৰ দলটো।

You might also like