মতলীয়া ফাগুনে কঢ়িয়াই আনিছে আলি-আয়ে-লৃগাঙৰ বতৰা ৷ আকাশ ৰাঙলী কৰি কোনোবা গাভৰুৰ আঁচল উৰুৱাই অহা এই মতলীয়া ফাগুনেই কঢ়িয়াই আনিছে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ প্ৰাণৰ উৎসৱ আলি-আয়ে-লৃগাঙৰ বতৰা। ফাগুন মানেই যেন মিচিং জনগোষ্ঠী লোকসকলৰ উৎসৱৰ বতৰ ৷ ফাগুনৰ প্ৰথমটো বুধবাৰে পালন কৰি অহা মিচিং জনগোষ্ঠীটোৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাঙক কেন্দ্ৰ কৰি এতিয়া ব্যস্ততা বাঢ়িছে মিচিং ডেকা-গাভৰু, জীয়াৰী-বোৱাৰীৰ ৷
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সোণাৰি চাপৰি অঞ্চলতো সিঁচৰতি হৈ থকা মিচিং বসতিপ্ৰধান অঞ্চলত এতিয়া গুমৰাগ-ঐনিতমৰ মিঠা সুৰত মুখৰিত হৈছে নিশাৰ আকাশ-বতাহ । তেনে এক উৎসৱমুখৰ পৰিৱেশৰ মাজতে অহা ১৩ আৰু ১৪ মাৰ্চত সোণাৰি চাপৰি অঞ্চলত সিঁচৰতি হৈ থকা সমূহ মিচিং জনগোষ্ঠীৰ লোকে আঞ্চলিক ভিত্তিত উদযাপন কৰিব লগা সোণাৰি চাপৰি বাংকেৰ ৩৬সংখ্যক আলি-আয়ে-লৃগাং উদযাপনৰ বাবে আজি সোণাৰি চাপৰি আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাংগণত লাইখুঁটা স্থাপন কৰি ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে ৷
পুৱাৰে পৰাই অঞ্চলৰ মিচিং ডেকা-গাভৰু, জীয়াৰী-বোৱাৰীয়ে হাতে হাতে খৰি, খেৰ, বাঁহ, কাঠ আদি কঢ়িয়াই আনি পৰ আপং প্ৰস্তুত কৰাৰ সমান্তৰালভাৱে গুমৰাগ আৰু ঐনিতমৰ সুৰত আকাশ-বতাহ কঁপাই লাইখুঁটা কঢ়িয়াই আনি পৰম্পৰাগত ৰীতি-নীতিৰে স্থাপন কৰি বিহু গাই ৰং-ধেমালি কৰে জনগোষ্ঠীটোৰ লোকসকলে ৷ সোণাৰি চাপৰি বাংকে আলি-আয়ে-লৃগাংৰ স্থায়ী সমিতিৰ সভাপতি ৰাজেন টাকুৱে মাংগলিক ৰীতি-নীতিৰে লাইখুঁটা স্থাপন কৰাৰ পিছতে সমূহীয়াভাৱে বিহু মাৰি পৰ আপং প্ৰস্তুত কৰি অহা ১৩ আৰু ১৪ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ৩৬ সংখ্যক আলি-আয়ে-লৃগাঙৰ দুয়োটা দিনাৰ সমূহ কাৰ্যসূচীতে জনগোষ্ঠীটোৰ লোকসকলৰ লগতে সকলো শ্ৰেণীৰ লোকৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ লগতে স্থায়ী সমিতিয়ে।