নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ ফেব্রুৱাৰী, ফাগুন মাহৰ ৩ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা চতুর্দশী, নক্ষত্র : শ্রৱণা, যাত্রা : শুভ

মেষ : প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ যিকোনো কাম কৰিলে সফল হ’ব৷ ব্যৱসায়ত ভাল ফল পাব৷ তুলসীৰ পূজা কৰিব৷ শুভ ৰং বগা, সংখ্যা ৩৷

বৃষ : ঘৰলৈ মূল্যৱান বস্তু অহাৰ সম্ভাৱনা আছে৷ যিকোনো ভাল কাম কৰিলে সুফল পাব৷ বন্ধুৰ লগত বিচ্ছেদ ঘটিব পাৰে৷ শুভ ৰং বেঙুনীয়া, সংখ্যা ২৷

মিথুন : আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাব লগা হ’ব পাৰে৷ চাকৰিয়ালসকলে নিজৰ কামত মন দিয়ক, অন্যথা ক্ষতি হ’ব৷ শুভ ৰং হালধীয়া, সংখ্যা ৫৷

কর্কট : মূল্যৱান বস্তুৰ ক্ষতি হ’ব পাৰে৷ মাটিৰ সীমাক লৈ সমস্যা হ’ব পাৰে৷ কর্মত বাধা পাব৷ ঘৰৰ উত্তৰ কোণত খুঁটি এটা মাৰি তাত এখন ৰঙা কাপোৰ বান্ধিব আৰু গুৰিত ধূপ–চাকি জ্বলাব৷ শুভ ৰং বগা, সংখ্যা ৮৷

সিংহ : ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব৷ টকা–পইচাৰ অভাৱ বাঢ়িব৷ অলপ চেষ্টা কৰিলে কর্মসংস্থাপন লাভ কৰিব পাৰিব৷ শুভ ৰং আকাশী নীলা, সংখ্যা ৯৷

কন্যা : খং দমাই ৰাখিব, অন্যথা ক্ষতি হ’ব৷ যুটীয়াকৈ কৰা ব্যৱসায়ৰ ব্যৱসায়ীৰ মতানৈক্য হৈ সংঘাত আহিব পাৰে৷ শুভ ৰং গুলপীয়া, সংখ্যা ২৷

তুলা : চাকৰিয়ালসকলে আজি টকা–পইচাৰ লেনদেন নকৰাই ভাল৷ পুৰণা ৰোগ থকাসকলৰ পীড়া বৃদ্ধি পাব৷ সন্তানে সমাজত সুনাম পাব৷ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷

বৃশ্চিক : অচিন শত্রুৰ পৰা ক্ষতি হোৱাৰ ভয়৷ চাকৰিয়ালসকলে সন্মান লাভ কৰিব৷ ব্যৱসায়ত লোকচানৰ আশংকা আছে৷ সন্তানে দুখ দিব৷ শুভ ৰং বগা, সংখ্যা ৪৷

ধনু : টকা–পইচাৰ লেনদেন কৰোঁতে সাৱধান হ’ব৷ আর্থিক ক্ষতিৰ যোগ৷ শিক্ষার্থীয়ে ভাল ফল দেখুৱাব পাৰিব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং গেৰুৱা, সংখ্যা ৮৷

মকৰ : পুৰণা ৰোগত ভুগি থকাসকলে খোৱা–বোৱাত বিশেষ ধ্যান ৰাখিব৷ পাবলৈ থকা টকা হাতলৈ আহিব৷ শুভ ৰং হালধীয়া, সংখ্যা ২৷

কুম্ভ : বিবাহ সম্পর্কে চলি থকা কথা–বতৰাৰ আজি ভাল খবৰ পাব৷ আত্মীয়ৰ পৰা ক্ষতি হোৱাৰ আশংক৷ হাত–ভৰিত আঘাত পাব পাৰে৷ শুভ ৰং নীলা, সংখ্যা ৩৷

মীন : আনক উপকাৰ কৰিবলৈ গৈ ক্ষতি হোৱাৰ ভয়৷ দুর্ঘটনাৰ প্রবল সম্ভাৱনা আছে৷ সন্তানৰ ভুলৰ বাবে লাজত পৰিব৷ শুভ ৰং সেউজীয়া, সংখ্যা ৫৷

You might also like