নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই এৰিলে কংগ্ৰেছ দল

ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী : বিপৰ্যয়ে লগ নেৰা হৈছে কংগ্ৰেছ দলক। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই এৰিলে কংগ্ৰেছ দল। কংগ্ৰেছ দল ত্যাগ কৰা সন্দৰ্ভত APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

জানিব পৰা মতে, শেহতীয়াকৈ বিৰোধী ঐক্যৰ আসন বুজাবুজিক লৈ আলোচনা কৰিবলৈ ভূপেন বৰাক দিয়া হৈছিল দায়িত্ব৷ কিন্তু পৰৱৰ্তী সময়ত ৰকিবুল হুছেইনকো এই দায়িত্ব দিয়াত ক্ষুণ্ণ হৈছিল ভূপেন বৰা। লগতে গৌৰৱ গগৈৰ পাকিস্তান লিংক বিষয়টো সন্দৰ্ভতো অসন্তুষ্ট হৈছিল APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰা। এনেবোৰ কাৰণেত ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰা বুলি জানিব পৰা গৈছে। তদুপৰি অসম কংগ্ৰেছ ৰকিবুল হুছেইনে চলোৱা বুলি অভিযোগ ভূপেন বৰাৰ।

কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতে এক্স হেণ্ডেলৰ পৰা নিজৰ কংগ্ৰেছৰ পদবী ডিলিট কৰে নেতাগৰাকীয়ে । উল্লেখ্য যে ২০০৬ চনৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা। দলত্যাগ কৰি ভূপেন বৰাই কয় যে ‘স্বাভিমানী অসমীয়া হিচাপে মই কংগ্ৰেছত থাকিব নোৱাৰোঁ’।

You might also like