বিশ্বভাৰতী বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকা-নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ পালন
ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ উদ্যোগ
ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু ৰাউল কৌশিক নাথ ফাউণ্ডেশ্বনৰ উদ্যোগত বিশ্ব-ভাৰতীৰ ভাষা ভৱন আৰু অসমীয়া বিভাগৰ সহযোগিতাত যোৱা ১৩ ফেব্ৰুৱাৰী তাৰিখে শান্তি নিকেতনৰ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ ‘লিপিকা প্ৰেক্ষাগৃহ’ত মন কবিতা শীৰ্ষক এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানেৰে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা আৰু নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ পালন কৰা হয়৷
ড॰ ভূপেন হাজৰিকা আৰু নৱকান্ত বৰুৱাৰ সৃষ্টিৰাজি মূলতঃ অসমীয়াত হ’লেও ভাৰতীয় ভাষা-সাহিত্য- সংস্কৃতিৰ প্ৰতিজন অনুৰাগী তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত আৰু সমৃদ্ধ হৈছে৷ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰতিষ্ঠাপিত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ ভাষা ভৱনৰ অধ্যক্ষ, অধ্যপক মৃণাল কান্তি মণ্ডলে৷
ৰাউল কৌশিক নাথ ফাউণ্ডেশ্বনৰ দ্বাৰা আয়োজিত মনকবিতা ২০২৬-ৰ অন্তৰ্গত আলোচনা-চক্ৰ উদ্বোধন কৰি অধ্যাপক মণ্ডলে এই মন্তব্য কৰে৷ ‘ ট্ট Commemorative Seminar on the Life. Literature and Cultural Contributions of ড্ডব্জ Bhupen Hazarika and Navakanta Barua. শীৰ্ষক এই আলোচনা-চক্ৰ সঞ্চালনা কৰে বিশ্ব ভাৰতীৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক ৰণজিৎ কুমাৰ দেৱ গোস্বামীয়ে৷
আলোচনা-চক্ৰত অংশগ্ৰহণ কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক বিভাস চৌধুৰী, বিশ্ব ভাৰতীৰ বাংলা বিভাগৰ অধ্যাপিকা শ্ৰীলা বসু আৰু বিশিষ্ট সমালোচক আৰু নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক অৰিন্দম বৰকটকীয়ে৷
সন্ধিয়া বিশ্ব-ভাৰতী লিপিকা প্ৰেক্ষাগৃত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মিণ্টু বৰুৱা আৰু সাত্যকি ডিকম ভূঞাই আঁতধৰা মনোমহা সাংস্কৃতিক অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিশ্ব-ভাৰতীৰ পঞ্জীয়ক, ভাষা ভৱনৰ অধ্যক্ষ, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকা আৰু বিশ্ব-ভাৰতীৰ অসমীয়া বিভাগৰ অধ্যাপিকা সংগীতা শইকীয়া, সংগীতা বসু ৰয় আৰু শিৱাজী বসু ৰয়ে৷
ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই ন্যাসৰ বিষয়ে অৱগত কৰি ভূপেন হাজৰিকা দেৱ আৰু ৰবীন্দ্ৰ নাথৰ সৃষ্টি সমূহৰ উপমাৰে বক্তব্য ৰখাৰ পিছতে ৰাউল কৌশিক নাথ ফাউণ্ডেশ্বনৰ সম্পাদক কৃষ্ণা বৰুৱাই আদৰণি ভাষণ আগবঢ়ায়৷
বিশ্ব-ভাৰতীৰ ছাত্ৰী প্ৰিয়ংকা দেৱী মণ্ডলে বৰগীত আৰু পূজা সিঙে নৱকান্ত বৰুৱাৰ কবিতা পাঠ কৰে৷ অভিনেতা তপন দাসৰ গদ্য পাঠ, কণ্ঠশিল্পী জয় বৰুৱা, ৰূপম ভূঞা, অৰুপজ্যোতি বৰুৱা, বনশ্ৰী বাইলুং, ঋতম তালুকদাৰ, কল্যান বৰুৱা আৰু মনীষা মজুদাৰৰ গীতৰ উপৰি সংগীত নাটক অকাডেমী বঁটা প্ৰাপক অনিতা শৰ্মাৰ সত্ৰীয়া নৃত্য আৰু ভূপেন হাজৰিকাৰ কবিতা আৰু নৱকান্ত বৰুৱা ৰচিত গীত ভূপেন হাজৰিকাৰ কণ্ঠৰ ‘নিয়ৰৰে ফুল’ আৰু সুধাকণ্ঠৰ কেইবাটিও কবিতাৰ ওপৰত আধাৰিত উপাসনা মহন্ত গগৈ আৰু অনিতা শৰ্মাৰ নৃত্যৰ অনুষ্ঠানে আটাইকে মন্ত্ৰমুগ্ধ কৰি ৰাখে৷
ৰাউল কৌশিক নাথ ফাউণ্ডেচন আৰু ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তৰফৰ পৰা ন্যাসৰ উপ সভাপতি মনীষা হাজৰিকা, তুলিকা দেৱী, ৰাহুল গৌতম শৰ্মা, বৈশালী ৰাজ কাকতি, মৈথেলী হাজৰিকা, কৌশিক নাথ, উৎপল বৰপূজাৰী, আন্না কৌশিক, মন কবিতাৰ উদ্যোক্তা বিপুলজ্যোতি শইকীয়া অনুষ্ঠানত উপস্থিত থাকে৷
উল্লেখযোগ্য যে মন কবিতাৰ এগৰাকী বিশেষ উদ্যোক্তা নয়ন প্ৰসাদৰ শাৰিৰীক অসুস্থতাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷ অনুষ্ঠানৰ সামৰণিত ন্যাসৰ উপ সভাপতি মনীষা হাজৰিকাই ন্যাস আৰু সুধাকণ্ঠৰ পৰিয়ালৰ তৰফৰ পৰা ৰাউল কৌশিক নাথ ফাউণ্ডেশ্বন, বিশ্ব-ভাৰতীৰ ভাষা ভৱন আৰু অসমীয়া বিভাগ আৰু উপস্থিত ৰাইজৰ প্ৰতি ধন্যবাদ সূচক মন্তব্য আগবঢ়ায়৷
ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী