নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোপনে পাৰমাণৱিক অস্ত্রভাণ্ডাৰ বৃদ্ধিৰ চেষ্টা চীনৰ

নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : গোপনে পাৰমাণৱিক অস্ত্র ভাণ্ডাৰ বৃদ্ধিৰ চেষ্টা চলাইছে বেইজিঙে৷ চীনৰ দক্ষিণ–পশ্চিম প্রান্তৰ চিচুৱান প্রদেশত নির্মাণ কৰা হৈছে পাৰমাণৱিক অস্ত্রভাণ্ডাৰ৷ কিছু উপগ্রহ চিত্র বিশ্লেষণ কৰি এনে দাবী কৰিছে ‘নিউয়র্ক টাইমছ’–এ৷ উল্লেখ্য যে উপগ্রহ চিত্রত বাংকাৰৰ লগতে ৩৬০ ফুট ওখ চিমনীও দৃশ্যমান হোৱা বুলি দাবী কৰা হৈছে।

প্রদেশখনৰ দুটা উপত্যকাত এনে কার্যকলাপ চলিছে বুলি দাবী কৰিছে তেওঁলোকে৷ ইয়াৰে এটি জিতং উপত্যকাত আৰু আনটো পিংটন উপত্যকাত৷ উল্লেখযোগ্য যে চীনৰ চিচুৱান প্রদেশখন ভাৰতৰ সৈতে লগালগি নহয়৷ কিন্তু অৰুণাচল প্রদেশৰ পৰা বৰ বেছি দূৰতো নহয়৷ বাতৰিকাকতখনে প্রকাশ কৰা মতে, ২০১৯ চনৰ পৰাই পাৰমাণৱিক শক্তিধৰ চীনে নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে৷ চিচুৱান প্রদেশৰ এই পাৰমাণৱিক কেন্দ্রসমূহো সেই উদ্যোগৰে অংশ বুলি ধাৰণা কৰা হৈছে৷ ২০২২ চনৰ পৰা ২০২৬ চনৰ ভিতৰত তোলা কিছু উপগ্রহ চিত্র বিশ্লেষণ কৰি দাবী কৰা হৈছে যে জিতং উপত্যকাত নতুন কেইটামান বাংকাৰ আৰু প্রাচীৰ তৈয়াৰ কৰা হৈছে৷ এটা নতুন ভৱনো দেখা গৈছে আৰু সেইটোক আগুৰি বিস্তীর্ণ এলেকাত বিয়পি আছে পাইপলাইন৷

বিশ্লেষকসকলৰ দাবী মতে, কোনো বিপজ্জনক পদার্থ কামত লগোৱাৰ দৰে পৰিকাঠামো তৈয়াৰ কৰা হৈছে৷

You might also like