নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাতী সুৰা জব্দ, অবৈধ সুৰা ব্যৱসায়ী ধীৰাজ ডেকাক আটক

অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষীয়ে আজি সন্ধিয়া অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই অভিযানকালত সৰ্থেবাৰীৰ টিহু লচিমা পথত অবৈধ বিলাতী সুৰা জব্দ কৰা হৈছে।

সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজোতি ডেকাৰ নেতৃত্বত চলা আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে অবৈধভাবে সৰবৰাহ কৰা বিলাতী সুৰা। এগৰাকী সুৰা ব্যৱসায়ীয়ে টিহুৰ পৰা আনি থকা সময়ত জব্দ কৰা হৈছে কেইবা কৰ্টন বিলাতী সুৰা।

বিলাতী সুৰা সৰবৰাহ কৰা অবৈধ সুৰা ব্যৱসায়ী ধীৰাজ ডেকাক আটক কৰিছে আৰক্ষীয়ে। ড্ৰাই এৰিয়া হিচাপে ঘোষিত ঐতিহাসিক কাঁহ শিল্প নগৰী সৰ্থেবাৰীত দীৰ্ঘদিন ধৰি ধীৰাজ ডেকাই অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছে।

এই অবৈধ সুৰাৰ ব্যৱসায়ৰ ফলত অঞ্চলটোত সামাজিক  পৰিবেশ বিনষ্ট কৰাৰ লগতে সহজ লভ্য কৰি পেলোৱা এই সুৰাৰ প্ৰতি নৱ প্ৰজন্মকো। আকৰ্ষিত কৰাৰ অভিযোগ  উত্থাপিত হৈ আহিছে।

আনহাতে আজিৰ এই অভিযানত অবৈধভাবে সুৰা সৰবৰাহ কৰা বিলাসী বাহন খনো জব্দ কৰা হৈছে। চাৰিচকীয়া বাহনখনৰ নম্বৰ হল এ এছ ০১ ডি ইউ ২৭৫৫। আৰক্ষীৰ এনে অভিযানক লৈ সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

আনহাতে আৰু বহুকেইজন সুৰা ব্যৱসায়ীয়ে সৰ্থেবাৰীত অবৈধভাবে ৰমৰমীয়া সুৰা ব্যৱসায় কৰি লাখ লাখ টকা উপাৰ্জন কৰাৰ লগতে সৰ্থেবাৰীৰ সামাজিক পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে।

নিয়মীয়া বাৰ্তা, সৰ্থেবাৰী, ১৭ ফেব্ৰুৱাৰী

You might also like