নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এ আই ক্ষেত্ৰক লৈ ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা

ডিজিটেল ডেস্ক, ১৯ ফেব্ৰুৱাৰী : ৰাজধানী নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হৈ আছে ‘ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬’। ভাৰতক এআইৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে। এই সময়তে দেশৰ আগশাৰীৰ উদ্যোগপতিসকলে ডাঙৰ ডাঙৰ ঘোষণা কৰা দেখা গৈছে।

এইক্ষেত্ৰত দেশৰ ধনী ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে আগন্তুক সাত বছৰত এ আই খণ্ডত ১০ লাখ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হোৱা ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ত বৃহস্পতিবাৰে অংশগ্ৰহণ কৰা মুকেশ আম্বানীয়ে এই বিনিয়োগৰ কথা ঘোষণা কৰে। তদুপৰি আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়েও ৮ লাখ কোটিতকৈ অধিক ধন ব্যয় কৰাৰ কথা ঘোষণা কৰিছে।

সন্মিলনখনত ভাষণৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কয় যে এ আইৰ সৰ্বশ্ৰেষ্ঠ ৰূপটো এতিয়াও আহিবলৈ বাকী আছে আৰু ইয়াৰ দ্বাৰা মহান সমৃদ্ধিৰ যুগৰ সূচনা হ’ব পাৰে। এই সময়ত তেওঁ ডাঙৰ ঘোষণা কৰি কয় যে ৰিলায়েন্সৰ সৈতে জিঅ’ই ৭ বছৰৰ ভিতৰত এই খণ্ডত ১০ লাখ কোটি টকা বিনিয়োগ কৰিব।

You might also like