নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ ভাৰত-ইজৰাইলৰ

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : চলিত মাহৰ শেষৰফালে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রস্তাৱিত ইজৰাইল ভ্রমণৰ পূর্বে দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হয় এখন বুজাবুজি চুক্তি৷ ভৱিষ্যতৰ আলোচনা আৰু সহযোগিতামূলক প্রয়াসকে ধৰি চলিত যুটীয়া কার্যকলাপ শক্তিশালী কৰি তোলা আৰু দ্বিপাক্ষিক প্রতিৰক্ষা সম্পর্কক গভীৰ কৰি তোলাৰ বাবে ভাৰত আৰু ইজৰাইলৰ মাজত স্বাক্ষৰিত হৈছে এই বুজাবুজিৰ চুক্তি৷

ইজৰাইলৰ প্রতিৰক্ষা মন্ত্রী মন্ত্রালয়ৰ অধীনস্থ দ্য ইণ্টাৰনেচনেল ডিফেন্স কোপাৰেচন ডাইৰেক্টৰেটে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ ক্ষেত্রত ভাৰত আৰু ইজৰাইলৰ নেত্রীস্থানীয় প্রতিৰক্ষা উদ্যোগসমূহৰ মাজত বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্রত আগভাগ লয়৷

You might also like