নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

ডিজিটেল ডেস্ক, ২০ ফেব্ৰুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত দেখা গৈছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা। নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও ইতিমধ্যে প্ৰায় প্ৰত্যেকটো দলেই নিজৰ নিজৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ পথত আগবাঢ়িছে ।

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কাছাৰত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ পিছতেই বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে ১৪ মাৰ্চত বৰাক উপত্যকালৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ভ্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

You might also like