নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাই আৰোপ কৰিলে ১০% গ্লোবেল টেৰিফ, ভাৰতো অন্তৰ্ভুক্ত

আমেৰিকাই তাৎক্ষণিকভাৱে ১০% গ্লোবেল টেৰিফ (শুল্ক) আৰোপ কৰিছে। হোৱাইট হাউছৰ এজন বিষয়াই নিশ্চিত কৰিছে যে নতুন কোনো আইনী ব্যৱস্থা কার্যকৰী নোহোৱা পৰ্যন্ত এই টেৰিফ বলৱৎ থাকিব। এই নতুন ব্যৱস্থাৰ অধীনত ভাৰতেও ১০% টেৰিফ পৰিশোধ কৰিবলগীয়া দেশসমূহৰ তালিকাত অন্তৰ্ভুক্ত হ’ব।

বিষয়াজনক সোধা হৈছিল যে এই ১০% টেৰিফে পূৰ্বে International Emergency Economic Powers Act (IEEPA)ৰ অধীনত আৰোপ কৰা টেৰিফৰ ঠাই ল’ব নেকি। ইয়াৰ উত্তৰত তেওঁ স্পষ্টকৈ কয়, “হয়, অন্য কোনো প্ৰাধিকাৰ কার্যকৰী নোহোৱা পৰ্যন্ত ১০% টেৰিফ বলৱৎ থাকিব।” লগতে তেওঁ আমেৰিকাৰ সকলো বাণিজ্যিক অংশীদাৰক চুক্তিৰ নিয়ম মানি চলিবলৈ আহ্বান জনায়।

বাতৰি অনুসৰি, এই সিদ্ধান্ত তেতিয়া আহিছে যেতিয়া Supreme Court of the United States-এ ৬-৩ সংখ্যাগৰিষ্ঠতাৰে ট্ৰাম্প প্ৰশাসনক ডাঙৰ আঘাত দিয়ে। আদালতে কয় যে ১৯৭৭ চনৰ IEEPA আইন অনুসৰি ৰাষ্ট্ৰপতিৰ ব্যাপক আমদানি শুল্ক আৰোপ কৰাৰ স্পষ্ট ক্ষমতা নাই। সংবিধান অনুসৰি এই ক্ষমতা কংগ্ৰেছৰ হাতত থাকে। মুখ্য ন্যায়াধীশৰ লগতে নীল গোৰসাচ, এ্যমি ক’নি বেৰেট আৰু আন তিনিজন ন্যায়াধীশে সংখ্যাগৰিষ্ঠ মত সমৰ্থন কৰে। আনহাতে জাষ্টিচ ছেমুৱেল এলিটো, ক্লেৰেন্স থমাছ আৰু ব্ৰেট কাৱান’য়ে অসন্মতি প্ৰকাশ কৰে। এই ৰায়ৰ ফলত আৰব ডলাৰৰ “ৰেচিপ্ৰ’কেল” টেৰিফ অবৈধ ঘোষণা কৰা হৈছে আৰু চৰকাৰক ১৩০ৰ পৰা ১৭৫ বিলিয়ন ডলাৰ পৰ্যন্ত ৰিফাণ্ড দাবীৰ সন্মুখীন হ’ব লাগিব পাৰে।

ট্ৰাম্পে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক “ভয়ংকৰ” আৰু “হাস্যকৰ” বুলি অভিহিত কৰে। তেওঁ কয়, “আদালতে কৈছে যে IEEPAৰ অধীনত মই ১ ডলাৰো ল’ব নোৱাৰোঁ। মই বাণিজ্য বন্ধ কৰিব পাৰোঁ, কিন্তু ১ ডলাৰ শুল্ক আৰোপ কৰিব নোৱাৰোঁ — ই কিমান হাস্যকৰ!” তেওঁ অভিযোগ কৰে যে আদালত বিদেশী স্বাৰ্থৰ দ্বাৰা প্ৰভাৱিত।

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে ট্ৰাম্পে Trade Act of 1974ৰ ছেকশ্যন ১২২ৰ অধীনত ১০% গ্লোবেল টেৰিফ আৰোপ কৰাৰ বাবে এক্সিকিউটিভ অৰ্ডাৰত স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে। এই বিধান অনুসৰি ১৫০ দিনলৈকে ১৫% পৰ্যন্ত অস্থায়ী শুল্ক আৰোপ কৰিব পৰা যায়, বিশেষকৈ বেলেন্স-অৱ-পেমেণ্টছ ঘাটতি নিয়ন্ত্ৰণৰ বাবে। তেওঁ স্পষ্ট কৰে যে ছেকশ্যন ২৩২ (ৰাষ্ট্ৰীয় সুৰক্ষা) আৰু ছেকশ্যন ৩০১ (অন্যায় বাণিজ্য প্ৰথা)ৰ অধীনত পূৰ্বৰ টেৰিফসমূহ বহাল থাকিব।

ট্ৰাম্পে কয় যে ভাৰত-আমেৰিকা চুক্তি অব্যাহত আছে, য’ত পাৰস্পৰিক টেৰিফ ১৮%লৈ হ্ৰাস কৰা হৈছিল। কিন্তু ১০% গ্লোবেল টেৰিফ বৰ্তমানৰ শুল্কৰ ওপৰত সংযোজিত হ’লে ভাৰতৰ বাবে পৰিস্থিতি জটিল হ’ব পাৰে। বিশেষকৈ ষ্টীল, এলুমিনিয়াম, অটো পাৰ্টছ আৰু টেক্সটাইল খণ্ডৰ ৰপ্তানিত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক, ২১ ফেব্ৰুৱাৰী

You might also like