নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত অস্ত্ৰসহ দুৰ্ধৰ্ষ ডকাইত ইব্ৰাহিম আলীক গ্ৰেপ্তাৰ

তেজপুৰ আৰক্ষীয়ে বিশেষ অভিযান চলাই পাঁচ মাইল চামধৰা এলেকাৰ পৰা ইব্ৰাহিম আলী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ইব্ৰাহিম আলী আবু তালেবৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তজনৰ পৰা এটা পিষ্টল, পাঁচ ৰাউণ্ড সক্ৰিয় গুলী আৰু এখন খুকুৰি উদ্ধাৰ কৰা হয়। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই তেওঁক আটক কৰিবলৈ সক্ষম হয়।

পুলিচ সূত্ৰে প্ৰকাশ কৰা মতে, ইব্ৰাহিম আলী এজন দুৰ্ধৰ্ষ ডকাইত হিচাপে পৰিচিত আৰু পূৰ্বতো কেইবাটাও অপৰাধমূলক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ আছে।

ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ডিজিটেল ডেস্ক, ২১ ফেব্ৰুৱাৰী

You might also like