ছিপাঝাৰত ৫ জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ
সমাজ জীৱনলৈ কৃতিত্ব পূৰ্ণ সেৱা আগবঢ়োৱা ছিপাঝাৰ সমষ্টিৰ বৰদৌলগুৰি অঞ্চলৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিক আজি অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।
স্থানীয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠ প্ৰাংগনত আজি অনুষ্ঠিত হোৱা স্বাস্থ্য পৰামৰ্শদাতা শিবিৰত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়াই ক্ৰমে বিশিষ্টা ধৰ্মপ্ৰাণ মহিলা গিৰীজা দেৱী, অৱসৰী শিক্ষক তথা বিভিন্ন অনুষ্ঠানৰ লগত জড়িত ৰাজেন্দ্ৰ চন্দ্ৰ নাথ, বিশিষ্ট খেতিয়ক বাপুকণ নাথ, জ্যেষ্ঠ নাগৰিক দণ্ডধৰ দেৱনাথ আৰু বিশিষ্ট নাট্যকাৰ তথা অৱসৰী শিক্ষক জয়ন্ত কুমাৰ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে।
সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে লাভ কৰা এই স্বীকৃতি লাভ কৰি উৎফুল্লিত হৈ পৰে পাচোগৰাকী বিশিষ্ট ব্যক্তি। ইয়াৰ পূৰ্বে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে জ্যেষ্ঠ নাগৰিকৰ বাবে অনুষ্ঠিত এই বিশেষ শিবিৰ।
বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত অসমে আজি স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন অহা বুলি উল্লেখ কৰি জ্যেষ্ঠ নাগৰিক সকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে। সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ইন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানত বিধায়ক গৰাকীয়ে এগছি বন্তিও প্ৰজ্বলন কৰি জ্যেষ্ঠ নাগৰিক সকলক সমাজৰ বাবে আদৰ্শ বুলিও অভিহিত কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়াই অসমৰ স্বাস্থ্য খণ্ডৰ দ্ৰুত উন্নয়নৰ বাবে মুখ্য মন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
বিশেষকৈ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা গ্ৰহণ কৰাৰ বিষয়েও উল্লেখ কৰি এয়া এক অভিলাষী বুলিও উল্লেখ কৰে। অন্যান্য ক্ষেত্ৰতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও উল্লেখ কৰি উন্নয়নৰ ধাৰা এনেদৰে থাকিলে অসম দেশৰ ভিতৰতে শীৰ্ষ পাঁচখন ৰাজ্যৰ অন্তৰ্ভুক্ত হ’ব বুলিও উল্লেখ কৰে।এই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও শলাগ লয়।
অধ্যক্ষগৰাকীয়ে জ্যেষ্ঠ নাগৰিকক কেইবাটাও পৰামৰ্শ আগবঢ়ায় আৰু জ্যেষ্ঠ নাগৰিকসকলক সমাজৰ নতুন প্ৰজন্মক মাগ দৰ্শক হিচাপে আগবাঢ়ি যাবলৈ মুকলি আহ্বান জনায়।সংগীত শিল্পী দীনবন্ধু চহৰীয়াৰ পৰিচালনাত এটি সমবেত সংগীত পৰিবেশন কৰা অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সচিব প্ৰসন্ন কুমাৰ বৰাইও বক্তব্য আগবঢ়ায়।
পৰিষদৰ কেইবাগৰাকীও পাৰিষদ উপস্থিত থকা আজিৰ অনুষ্ঠানত সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি পৃথুৰাম বৰুৱা , অৱসৰী শিক্ষক ধৰণী নাথ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠৰ প্ৰধান শিক্ষক জেহেৰুল হককে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জ্যেষ্ঠ নাগৰিক সকলৰ কল্যাণৰ উদ্দেশ্যে ৰূপায়ণ কৰা কাৰ্যসূচীৰ অন্তত এটা চিকিৎসা পৰামৰ্শ শিবিৰো অনুষ্ঠিত হয়। উক্ত চিকিৎসা শিবিৰত বিশেষজ্ঞ চিকিৎসকে পৰামৰ্শ প্ৰদান কৰে। জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ এই প্ৰয়াসক স্হানীয় ৰাইজে শলাগ লয়।
নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ২১ ফেব্ৰুৱাৰী