নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰাত আৰক্ষীৰ জালত গো-ধন সৰবৰাহকাৰী, ১২টাকৈ চোৰাং গৰু জব্দ

কামৰূপৰ মন্দিৰা আৰক্ষী চকীৰ এটা আৰক্ষীৰ দলে আজি চোৰাং গৰুৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায় | অভিযানত দিন-দুপৰতে আৰক্ষীয়ে জব্দ কৰে ১২টাকৈ চোৰাং গৰু। লগতে চাৰিজনকৈ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ নগৰবেৰাৰ হেকৰা দলাগাঁৱৰ পৰা আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুকেইটা | মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰেৱাট শইকীয়াৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰা হয় গৰুকেইটা৷

আৰক্ষীয়ে আটক কৰাসকলৰ তিনি সৰবৰাহকাৰী ক্ৰমে মন্দিৰা এন চিৰ ছামাদ আলী, কাৰাতলীৰ আব্দুল চালাম আৰু টুপামাৰীৰ জয়নুদ্দিন | উল্লেখ্য যে জব্দকৃত গৰুকেইটা গোপনে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ |

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২২ ফেব্ৰুৱাৰী :

You might also like