নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধুৰ সৈতে ডিগাৰু নৈত গা ধুবলৈ গৈ সন্ধানহীন গুৱাহাটীৰ যুৱক

মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰত দেওবাৰে বিয়লি ভাগত বন্ধুৰ সৈতে ডিগাৰু নৈত গা ধুবলৈ গৈ এজন যুৱক সন্ধানহীন হৈ আছে ৷ ঘটনা অনুসৰি গুৱাহাটীৰ জাপৰিগোগৰ ধনমণি তালুকদাৰ নামৰ ২১ বছৰীয়া যুৱকজনে কেইজনমান বন্ধুৰ সৈতে সোণাপুৰ থানাৰ অন্তৰ্গত মৌপুৰলৈকে বনভোজ খাবলৈ গৈছিল ৷ বিয়লি ভাগত  বন্ধুৰ সৈতে ধনমণিয়ে  ডিগাৰু নৈত গা ধুবলৈ যায় ৷ সেই সময়তে ধনমণি  পিছলি পানীত উটি যায় ৷

সমনীয়াই বহু চেষ্টা কৰিও ধনমণি তালুকদাৰক উদ্ধাৰ কৰিব নোৱাৰিলে ৷ ঘটনাৰ পিছতে সোণাপুৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলায় যদিও যুৱকজনৰ কোনো সন্ধান নাপালে ৷ ইপিনে, আজিও উদ্ধাৰ কাৰ্য চলাই আছে যদিও বাতৰি লিখা পৰলৈকে যুৱকজনৰ কোনো সন্ধান পোৱা নাই ৷

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ২৩ ফেব্ৰুৱাৰী :
You might also like