নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগী সেনা ছাউনীত অসামাজিক কাৰ্যকলাপ

লকডাউন উলংঘা কৰি দিনে নিশাই সুৰা-জুৱাৰ আড্ডা একাংশৰ

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ সমগ্ৰ বিশ্বত ক্ৰমশঃ মৃত্যু উপত্যকালৈ পৰ্যবসিত কৰা ক’ভিত-১৯ত আক্ৰান্তৰ সংখ্যা দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ক’ভিড-১৯ত আক্ৰান্ত হৈ ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ
মহানগৰ জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ইতিমধ্যে ২৬ গৰাকী লোক মাৰাত্মক ক’ৰোনা
ভাইৰাছত আক্ৰান্ত হৈছে। মাৰাত্মক ক’ৰোনা ভাইৰাছত অনাকাংক্ষিত খবৰ বিয়পি পৰাত ৰাজ্যবাসীক আতংকিত কৰি তুলিছে। দিল্লীৰ নিজামুদ্দিন মাৰ্কাছৰ জামাতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা একাংশ লোকে অসমত ক’ৰোনা ভাইৰাছ সংক্ৰমণ কৰাক লৈ উদ্ধিগ্ন হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। মহামাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্যবাসীৰ সহযোগিতা কামনা কৰিছে। বিশষকৈ এই ভাইৰাছে যাতে অসমত সাংঘাটিক প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা লকডাউন মানি চলাৰ লগতে সৰ্তকতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছিল। চৰকাৰ প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ অধিকাংশ লোকে লকডাউন মানি নিজৰ লগতে ৰাজ্যবাসীক বিপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। একে সময়তে আন একাংশ লোকে লকডাউন উলংঘা কৰি নিজৰ লগতে ৰাজ্যবাসীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বিপৰীতে ঠায়ে ঠায়ে জুম বান্ধি আড্ডা মৰাৰ সমান্তৰালকৈ লকডাউনৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱা দেখা গৈছে। বিশেষকৈ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্হগত নাৰেংগী সেনা ছাউনীত অবৈধ ভাৱে প্ৰৱেশ কৰি একাংশ লোকে লকডাউনৰ সময়ছোৱাত মদ-জুৱাৰ আড্ডা পতা পৰিলক্ষিত হৈছে। সেনা ছাউনীৰ বিষয়া-কৰ্মচাৰীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি বৃহত্তৰ নাৰেংগী অঞ্চলৰ ভাৰাঘৰত বসবাস কৰা একাংশ লোকে অবৈধ ভাৱে সেনা ছাউনীৰ ভিতৰত প্ৰৱেশ কৰি জংঘলৰ মাজত দিনে-নিশাই জুৱাৰ আড্ডা পাতিছে। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বিপৰীতে জুম বান্ধি বহু লোকে তিনিপট্টী আৰু তাচপাতৰ অন্যান্য জুৱাখেল চলাই আছে। একেদৰে আন একাংশ উদণ্ড যুৱকে লকডাউনৰ সময়ছোৱাত সেনা ছাউনীৰ দেৱাল বগাই ভিতৰত প্ৰৱেশ কৰি সুৰাৰ আড্ডা পাতি পৰিৱেশ বিনষ্ট কৰিছে। নাৰেংগী অঞ্চলৰ সচেতন ৰাইজে
এইক্ষেত্ৰত বাধা আৰোপ কৰিছে যদিও স্থানীয় লোকৰ বাধাক নেওচি নিৰৱচ্ছিন্নভাৱে বিগত প্ৰায় এসপ্তাহ ধৰি উদণ্ড যুৱকে নিয়মিতভাৱে বিগত প্ৰায় এসপ্তাহ ধৰি উদণ্ড যুৱকে নিয়মিতভাৱে বিয়লীৰ ভাগত সুৰাৰ আড্ডা পাতিছে। এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক
আহ্বান জনাইছে।

You might also like