ডিজিটেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী : প্রাণৰক্ষাৰ যাত্ৰাত অজানিতে নামি আহিল ভয়ংকৰ মৃত্যু। সোমবাৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ পৰা দিল্লীগামী এখন এয়াৰ এম্বুলেন্স দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত ৭জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিমানখনত মুঠ ৭জন যাত্ৰী আছিল, যাৰ ভিতৰত ২জন পাইলট আছিল। বিমানখনত থকা সকলোকেইগৰাকী যাত্ৰীৰেই এই দুৰ্ঘটনাত মৃত্যু হয়। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই।
বিমানখন সন্ধিয়া ৭:১১ বজাত ৰাঁচী বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে উৰা মাৰিছিল। উৰণৰ কেইমুহূৰ্তমানৰ পিছতেই বিমানখনৰ ৰাডাৰ আৰু ৰেডিঅ’ সংযোগ বিচ্ছিন্ন হয়। উল্লেখ্য যে সঞ্জয় কুমাৰ নামৰ এজন ধাবা মালিকৰ প্ৰাণ বচাবলৈ দিল্লীলৈ যোৱাৰ বাবে এই এয়াৰ এম্বুলেন্সখন ৰাওনা হৈছিল।
চাতৰাৰ আৰক্ষী অধীক্ষক সুমিত আগৰৱালাই জনায় যে দিনদিয়েক পূৰ্বে ধাবাত সংঘটিত এক অগ্নিকাণ্ডৰ ফলত ধাবাখনৰ মালিক সঞ্জয় কুমাৰ গুৰুতৰভাৱে আহত হৈছিল। দুৰ্ঘটনাত তেওঁৰ শৰীৰৰ ৬৫ শতাংশ জ্বলি যায়। কালিলৈকে ৰাঁচীৰ এখন বেচৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ আছিল আছিল তেওঁ। চিকিৎসকসকলে যথাসাধ্য চেষ্টা কৰিলেও সঞ্জয়ৰ শাৰীৰিক অৱস্থাৰ কোনো উন্নতি হোৱা নাছিল। এনে গুৰুতৰ পৰিস্থিতিত সঞ্জয়ক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছিল পৰিয়ালে। সেই মতে এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছিল। সোমবাৰে সন্ধিয়া সেই যাত্ৰাই মৃত্যু যাত্ৰাত পৰিণত হয়।
বিমানখনত থকা ৭জন আৰোহীৰ ২জন পাইলট আৰু ৫গৰাকী যাত্ৰী। দুৰ্ঘটনাটোত আটাইকেইজন নিহত হয়। তেওঁলোক ক্ৰমে কেপ্টেইন বিবেক বিকাশ বিলাগত (পাইলট), কেপ্টেইন সৱৰদীপ সিং (পাইলট), সঞ্জয় কুমাৰ (ৰোগী), অৰ্চনা দেৱী (এটেনডেণ্ট), ধৰু কুমাৰ (এটেনডেণ্ট), বিকাশ কুমাৰ গুপ্তা (ডাক্তৰ)।