নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহিণীৰ শ্রমক অস্বীকাৰ কৰাটো অপৰাধ, উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

নিউজ ডেস্ক, ২৪ ফেব্রুৱাৰী : নাৰীক অবলা বুলি গণ্য কৰাটো এটা ভ্রান্ত ধাৰণা৷ এগৰাকী গৃহিণীৰ শ্রমে উপার্জনকাৰী সংগীক (স্বামী) ভালদৰে কাম কৰাৰ ক্ষেত্রত সহায় কৰে৷ তথাপি ভৰণ–পোষণৰ প্রশ্নত স্ত্রীৰ অৱদানক উপেক্ষা কৰাটো অন্যায়৷ – এটা গোচৰৰ পৰিপ্রেক্ষিতত এই মন্তব্য দিল্লী উচ্চ ন্যায়ালয়ৰ৷

২০১২ চনত বিবাহপাশত আবদ্ধ হোৱা এক দম্পতীৰ স্বামীয়ে উচ্চ ন্যায়ালয়ত দাবী কৰে যে ২০২০ চনত তেওঁক আৰু তেওঁলোকৰ নাবালক সন্তানক এৰি থৈ পত্নী গুচি যায়৷ তেওঁ বিচ্ছেদৰ গোচৰ তৰে৷ নিম্ন আদালতে বিবাহ বিচ্ছেদিত মহিলাগৰাকীক ভৰণ-পোষণ দিবলৈ অস্বীকাৰ কৰে৷ বিচাৰকে জনায় যে তেওঁ শিক্ষিত আৰু কর্মক্ষম৷ সেইবাবে অলসভাৱে বহি থাকি ভৰণ–পোষণ দাবী কৰিব নোৱাৰে৷

এই নির্দেশকে মহিলাগৰাকীয়ে প্রত্যাহ্বান জনায় উচ্চ ন্যায়ালয়ত৷ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ স্বর্ণকান্তৰ অধীনত এই গোচৰৰ শুনানি হয়৷ নিম্ন আদালতৰ ন্যায়ৰ পৰিপ্রেক্ষিতত ন্যায়াধীশগৰাকীয়ে কয়– উপার্জন কৰাৰ ক্ষমতা আৰু প্রকৃত উপার্জন দুটা পৃথক ধাৰণা৷ তাৰ বাহিৰে উপার্জনৰ ক্ষমতাৰ বাবে ভৰণ-পোষণৰ দাবীক অস্বীকাৰ কৰা নাযায়৷ তেওঁ কয় যে গৃহিণীৰ শ্রমক বেছিভাগ সময়তে অস্বীকাৰ কৰা হয়, সেয়া অপৰাধ৷

You might also like