নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰাং গৰু উদ্ধাৰ, আৰক্ষীৰ জোৰদাৰ অভিযানত ট্ৰাক জব্দ

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা। ঈদৰ প্ৰাকমুহূৰ্তত সক্ৰিয় হৈ পৰিছে গৰুৰ চোৰাং সৰবৰাহ চক্ৰ। এই পৰিস্থিতিত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে বৰপেটাত আৰক্ষীয়ে জোৰদাৰ অভিযান চলায়।

বৰপেটাৰ চেঙাত আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে গৰু কঢ়িওৱা এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS 19 AC 4568। আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ১৭টা গৰু উদ্ধাৰ কৰে।

জানিব পৰা মতে, বৰপেটাৰ বহৰিৰ পৰা মেঘালয় অভিমুখে গৈ থকা অৱস্থাত চেঙাৰ চ’কত তাৰাবাৰী আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে। ঘটনাৰ সৈতে জড়িত ট্ৰাক চালকসহ আন দুজন সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে।

ধৃত চালকজন যোগীঘোপাৰ বাসিন্দা মহিবুল ইছলাম (২৯) বুলি চিনাক্ত কৰা হৈছে। আন দুজন সৰবৰাহকাৰীৰ বয়স ১৮ বছৰৰ অনুৰ্দ্ধ বুলি জানিব পৰা গৈছে। বৰ্তমান বহৰিৰ তাৰাবাৰী আৰক্ষী থানাত আৰক্ষীয়ে চালকজনক সোধা-পোছা অব্যাহত ৰাখিছে।

প্ৰাপ্ত তথ্য অনুসৰি, জনৈক অমিনুলৰ নেতৃত্বত বৰপেটাৰ বহৰিত অবাধে চলি আছিল এই গৰুৰ চোৰাং বেহা।

উল্লেখ্য যে, গো-সৰবৰাহ ৰোধৰ ক্ষেত্ৰত ৰাজ্যত কঠোৰ আইন প্ৰৱৰ্তন কৰা হ’লেও একাংশ অসাধু ব্যৱসায়ীয়ে এতিয়াও গোপনে এনেধৰণৰ কাৰ্যকলাপ চলাই গৈছে। এই ঘটনাই পুনৰ আইন-শৃংখলাৰ প্ৰশ্ন উত্থাপন কৰিছে।

ডিজিটেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী

You might also like