আইচিচি মহিলা বিশ্বকাপৰ সূচী প্ৰকাশ, একেটা গ্ৰুপতে ভাৰত-পাকিস্তান
আইচিচিয়ে ১২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ICC Women’s T20 World Cup 2026-ৰ পূৰ্ণ সূচী ঘোষণা কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম খেলখন আয়োজক ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত এজবাষ্টনত অনুষ্ঠিত হ’ব।
এইবাৰ ১২টা দলক ২টা গ্ৰুপত বিভক্ত কৰা হৈছে। ভাৰতীয় মহিলা দল আৰু পাকিস্তান মহিলা দল একে গ্ৰুপত অন্তৰ্ভুক্ত হৈছে, অৰ্থাৎ দুয়োটা দলৰ মাজত এখন খেল নিশ্চিত।
এই বছৰ ১২ জুনৰ পৰা ৫ জুলাইলৈ চলিবলগীয়া এই প্ৰতিযোগিতা হৈছে মহিলা টি-২০ বিশ্বকাপৰ ১০ম সংস্কৰণ। গ্ৰুপ–১ত আছে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ভাৰত, পাকিস্তান, নেডাৰলেণ্ড আৰু বাংলাদেশ। গ্ৰুপ–২ত আছে ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড, নিউজিলেণ্ড, শ্ৰীলংকা, আয়াৰলেণ্ড আৰু স্কটলেণ্ড।
ভাৰত আৰু পাকিস্তানৰ মাজৰ বহু প্ৰতীক্ষিত খেলখন ১৪ জুন, ৰবিবাৰে এজবাষ্টনত অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাৰ পৰা খেল আৰম্ভ হ’ব।
প্ৰথম ছেমিফাইনেল ৩০ জুনত দ্য অভেলত অনুষ্ঠিত হ’ব। দ্বিতীয় ছেমিফাইনেল ২ জুলাইত একে স্থানতেই অনুষ্ঠিত হ’ব। ফাইনেল খেলখন ৫ জুলাইত ঐতিহাসিক লৰ্ডছত অনুষ্ঠিত হ’ব।
এই প্ৰতিযোগিতাত বিশ্বৰ শীৰ্ষ ১২টা দলে অংশগ্ৰহণ কৰিব আৰু ইংলেণ্ডৰ বিভিন্ন প্ৰসিদ্ধ ক্ৰিকেট খেলপথাৰত খেলসমূহ অনুষ্ঠিত হ’ব।
আইচিচি মহিলা বিশ্বকাপৰ সম্পূৰ্ণ সূচী
শুকুৰবাৰ, ১২ জুন: ইংলেণ্ড বনাম শ্ৰীলংকা, এজবাষ্টন (নিশা ১২ বজাৰ পৰা)
শনিবাৰ, ১৩ জুন: স্কটলেণ্ড বনাম আয়াৰলেণ্ড, অল্ড ট্ৰেফৰ্ড (বিয়লি ৩ বজাৰ পৰা)
শনিবাৰ, ১৩ জুন: অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, অল্ড ট্ৰেফ’ৰ্ড (সন্ধিয়া ৭ বজাৰ পৰা)
শনিবাৰ, ১৩ জুন: ৱেষ্ট ইণ্ডিজ বনাম নিউজিলেণ্ড, হেম্পশ্বায়াৰ (নিশা ১২ বজাৰ পৰা)
ৰবিবাৰ, ১৪ জুন: বাংলাদেশ বনাম নেডাৰলেণ্ডছ, এজবাষ্টন (বিয়লি ৩ বজাৰ পৰা)
ৰবিবাৰ, ১৪ জুন: ভাৰত বনাম পাকিস্তান, এজবেষ্টন (সন্ধিয়া ৭ বজাৰ পৰা)
মঙলবাৰ, ১৬ জুন: নিউজিলেণ্ড বনাম শ্ৰীলংকা, হেম্পশায়াৰ ব’ল (সন্ধিয়া ৭ বজাৰ পৰা)
মঙলবাৰ, ১৬ জুন: ইংলেণ্ড বনাম আয়াৰলেণ্ড, হেম্পশায়াৰ ব’ল (নিশা ১২ বজাৰ পৰা)
বুধবাৰ, ১৭ জুন: অষ্ট্ৰেলিয়া বনাম বাংলাদেশ, হেডিংলে (বিয়লি ৩ বজাৰ পৰা)
বুধবাৰ, ১৭ জুন: ভাৰত বনাম নেদাৰলেণ্ডছ, হেডিংলে (সন্ধিয়া ৭ বজাৰ পৰা)
বুধবাৰ, ১৭ জুন: দক্ষিণ আফ্ৰিকা বনাম পাকিস্তান, এজবেষ্টন (নিশা ১২ বজাৰ পৰা)
বৃহস্পতিবাৰ, ১৮ জুন: ৱেষ্ট ইণ্ডিজ বনাম স্কটলেণ্ড, হেডিংলে (নিশা ১২ বজাৰ পৰা)
শুকুৰবাৰ, ১৯ জুন: নিউজিলেণ্ড বনাম আয়াৰলেণ্ড, হেম্পশায়াৰ ব’ল (নিশা ১২ বজাৰ পৰা)
শনিবাৰ, ২০ জুন: অষ্ট্ৰেলিয়া বনাম নেদাৰলেণ্ডছ, হেম্পশায়াৰ ব’ল (বিয়লি ৩ বজাৰ পৰা)
শনিবাৰ, ২০ জুন: পাকিস্তান বনাম বাংলাদেশ, হেম্পশায়াৰ ব’ল (সন্ধিয়া ৭ বজাৰ পৰা)
শনিবাৰ, ২০ জুন: ইংলেণ্ড বনাম স্কটলেণ্ড, হেডিংলি (নিশা ১২ বজাৰ পৰা)
ৰবিবাৰ, ২১ জুন: ৱেষ্ট ইণ্ডিজ বনাম শ্ৰীলংকা, Bristol County Ground (বিয়লি ৩ বজাৰ পৰা)
ৰবিবাৰ, ২১ জুন: দক্ষিণ আফ্ৰিকা বনাম ভাৰত, অল্ড ট্ৰেফ’ৰ্ড (সন্ধিয়া ৭ বজাৰ পৰা)
মঙলবাৰ, ২৩ জুন: নিউজিলেণ্ড বনাম স্কটলেণ্ড, ব্ৰিষ্টল কাউণ্টি গ্ৰাউণ্ড (বিয়লি ৩ বজাৰ পৰা)
মঙলবাৰ, ২৩ জুন: শ্ৰীলংকা বনাম আয়াৰলেণ্ড, ব্ৰিষ্টল কাউণ্টি গ্ৰাউণ্ড (সন্ধিয়া ৭ বজাৰ পৰা)
মঙলবাৰ, ২৩ জুন: অষ্ট্ৰেলিয়া বনাম পাকিস্তান, হেডিংলি (নিশা ১২ বজাৰ পৰা)
বুধবাৰ, ২৪ জুন: ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, লৰ্ডছ (নিশা ১২ বজাৰ পৰা)
বৃহস্পতিবাৰ, ২৫ জুন: ভাৰত বনাম বাংলাদেশ, অল্ড ট্ৰেফ’ৰ্ড (সন্ধিয়া ৭ বজাৰ পৰা)
বৃহস্পতিবাৰ, ২৫ জুন: দক্ষিণ আফ্ৰিকা বনাম নেদাৰলেণ্ডছ, ব্ৰিষ্টল কাউণ্টি গ্ৰাউণ্ড (নিশা ১২ বজাৰ পৰা)
শুকুৰবাৰ, ২৬ জুন: শ্ৰীলংকা বনাম স্কটলেণ্ড, ওল্ড ট্ৰেফ’ৰ্ড (ৰাতি ১২ বজাৰ পৰা)
শনিবাৰ, ২৭ জুন: পাকিস্তান বনাম নেদাৰলেণ্ডছ, ব্ৰিষ্টল কাউণ্টি গ্ৰাউণ্ড (বিয়লি ৩ বজাৰ পৰা)
শনিবাৰ, ২৭ জুন: ৱেষ্ট ইণ্ডিজ বনাম আয়াৰলেণ্ড, ব্ৰিষ্টল কাউণ্টি গ্ৰাউণ্ড (সন্ধিয়া ৭ বজাৰ পৰা)
শনিবাৰ, ২৭ জুন: ইংলেণ্ড বনাম নিউজিলেণ্ড, দ্য অভেল (নিশা ১২ বজাৰ পৰা)
ৰবিবাৰ, ২৮ জুন: দক্ষিণ আফ্ৰিকা বনাম বাংলাদেশ, লৰ্ডছ (বিয়লি ৩ বজাৰ পৰা)
ৰবিবাৰ, ২৮ জুন: অষ্ট্ৰেলিয়া বনাম ভাৰত, লৰ্ডছ (সন্ধিয়া ৭ বজাৰ পৰা)
মঙলবাৰ, ৩০ জুন: TBC বনাম TBC (ছেমিফাইনেল ১), দ্য অভেল (সন্ধিয়া ৭ বজাৰ পৰা)
বৃহস্পতিবাৰ, ২ জুলাই: TBC বনাম TBC (ছেমিফাইনেল ২), দ্য অভেল (নিশা ১২ বজাৰ পৰা)
ৰবিবাৰ, ৫ জুলাই: TBC বনাম TBC (ফাইনেল), লৰ্ডছ (সন্ধিয়া ৭ বজাৰ পৰা)
ডিজিটেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী