ব্রিটেইনৰ প্রধানমন্ত্রীৰ বাসভৱনত ১৫ বছৰ ‘লেৰি’ৰ
নিউজ ডেস্ক, ২৪ ফেব্রুৱাৰী : প্রধানমন্ত্রী আহিছে আৰু গৈছে৷ কিন্তু সি থাকিয়েই গৈছে৷ ১০ নম্বৰ ডাউনিং ষ্ট্রীটত ১৫ বছৰ কটালে লেৰিয়ে৷ ব্রিটেইনৰ প্রধানমন্ত্রীৰ বাসভৱনত এন্দুৰ ধৰাৰ দায়িত্ব তাৰ ওপৰত৷ চেন্ট্ৰেল লণ্ডনত সেই ক’লা দুৱাৰৰ বাহিৰত তাক মাজে–সময়ে বহি থকা দেখা যায়৷ বর্তমান লেৰিৰ চৰকাৰী পদবী ‘চীফ মাউচাৰ টু দ্য কেবিনেট অফিচ’৷ তাৰ ওপৰত অর্পিত দায়িত্বসমূহৰ ভিতৰত আছে অতিথিসকলক স্বাগতম জনোৱা, নিৰাপত্তা ব্যৱস্থা পৰিদর্শন আৰু অৱশ্যে এন্দুৰ চিকাৰ কৰা৷
টেবী জাতৰ লেৰিৰ বয়স এতিয়া ১৯ বছৰ৷ ২০১১ চনত বেটাৰ চি ড’গছ এণ্ড কেটছ হোমৰ পৰা তাক দত্তক তুলি লৈছিল তেতিয়াৰ প্রধানমন্ত্রী ডেভিন কেমেৰন আৰু তেওঁৰ পত্নী ছামান্থাই৷ তেতিয়া তেওঁলোকে জনাইছিল যে লেৰিক তেওঁলোকৰ ঘৰলৈ আদৰণি জনাই তেওঁলোক অভিভূত৷ তেওঁলোকৰ আশা আছিল অতিথিসকলৰ মন জয় কৰিব লেৰিয়ে৷ সেই আশা অৱশ্যে পূৰণ কৰিছে লেৰিয়ে ৷
২০১১ চনত প্রাক্তন মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামাই প্রধানমন্ত্রীৰ বাসভৱনলৈ গৈ তাৰ সৈতে দেখা কৰিছিল৷ শুনিবলৈ পোৱা মতে, ৰাষ্ট্রপতিগৰাকীৰ পৰা হেনো সি উপহাৰো পাইছিল৷ ২০১৯ চনত ড’নাল্ড ট্রাম্প ব্রিটেইন ভ্রমণলৈ অহাৰ সময়ত লেৰিয়ে ফটো তোলাৰ মুহূর্তত উপস্থিত হয়হি৷ ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কিৰ ভ্রমণতো লেৰিক দেখা যায়৷ লেৰিৰ চৰকাৰী কাম হ’ল এন্দুৰ ধৰা৷ এই কামত সি কিমান সফল, তাক লৈ প্রায়ে প্রশ্ণ উঠে৷ ১৯২০ চনৰ পৰা প্রধানমন্ত্রীৰ বাসভৱনত এটাৰ পিছত এটাকৈ মেকুৰীয়ে এই দায়িত্ব পালন কৰিছে৷ সম্রাট অষ্টম হেনৰীৰ আমোলতো ইংলেণ্ডৰ চৰকাৰী কার্যালয়ত এন্দুৰ ধৰাৰ বাবে মেকুৰী নিয়োগৰ নিয়ম আছিল৷ লেৰিৰ পূর্বে এই চৰকাৰী পদত আছিল হামফ্রে৷