নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ পাহাৰতলীত গো-মাংস পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি, ৩ যুৱকক গ্ৰেপ্তাৰ

গোৱালপাৰা চহৰৰ পাহাৰতলীৰ কালী মন্দিৰৰ সমীপত নিষিদ্ধ গো-মাংস উদ্ধাৰক লৈ নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত এএছ-১৮ জি আৰ-০৫১২ নম্বৰৰ এখন ই-ৰিক্সাৰে তিনিজন যুৱকে এটা বস্তাত গৰুৰ কটা মাংস আৰু চামৰা লৈ চহৰখনৰ পাহাৰতলীৰ কালী মন্দিৰৰ সমীপত পেলাই দিব খোজোঁতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।

লগে লগে বস্তাত ভৰাই কি বস্তু পেলাই দিয়া হ’ল বুলি স্থানীয় লোকে যুৱককেইজনক সোধা-পোছা কৰাৰ সময়তে আন্ধাৰৰ সুযোগ লৈ ই-ৰিক্সাত থকা তিনিজনৰ দুজনে ওচৰতে থকা ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই পলায়ন কৰে  আৰু আন এজনে ই-ৰিক্সা লৈ পলায়ন কৰে। স্থানীয় যুৱকসকলে ই-ৰিক্সাৰ পিছে পিছে দৌৰি যায় যদিও আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। পাছত বস্তাত গো-মাংস থকাটো নিশ্চিত হোৱাত এক উত্তেজনাময় পৰিৱেশ বিৰাজ কৰে পাহাৰতলীত।

ইফালে, এই বিষয়ে অৱগত হৈ নিশাই গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুং, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তকে আদি কৰি আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে আৰু উক্ত ঘটনাৰ লগত জড়িত থকা লোকসকলক কাৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰে৷ ইয়াৰ পিছত নিশা শ শ লোকে গোৱালপাৰা নগৰ আৰক্ষী চকীৰ সন্মুখত সমৱেত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় ৰাইজে ই-ৰিক্সাখনৰ পঞ্জীয়ন নম্বৰ আৰক্ষীক দি দোষীক কৰায়ত্ত কৰি শাস্তি বিহিবলৈ দাবী জনায়। নিশাই শ শ ল লোকে দোষীক কৰায়ত্ত কৰি শাস্তি বিহাৰ দাবী উত্থাপন কৰি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰে তোলে।

ইফালে, নিশাই আৰক্ষীয়ে অভিযান চলাই গোৱালপাৰা চহৰৰ ভাটিপাৰা নতুন বস্তিৰ ৰফিকুল দেৱান আৰু জেলাল আলী আৰু বলদমাৰী চৰৰ ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত আজি জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই এখন সংবাদমেলৰ আয়োজন কৰি কয় যে গো-মাংস পেলোৱাৰ লগত জড়িত ৰফিকুল দেৱান, জেলাল আলী আৰু ৰফিকুল ইছলাম নামৰ ৩জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। সমগ্ৰ ঘটনাৰ লগত আন কোনো তৃতীয় শক্তি জড়িত আছে নেকি, তাক লৈও আৰক্ষীয়ে তদন্ত চলাইছে।

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ২৪ ফেব্ৰুৱাৰী :
You might also like