বোকাজানত ১৭,৩৯৮গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত আজি বোকাজান বিধানসভা সমষ্টিৰ অধীনৰ আত্মসহায়ক গোটৰ ১৭,৩৯৮গৰাকী মহিলাৰ মাজত ১০ হেজাৰকৈ টকাৰ চেক বিতৰণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশত ৬ কোটি মহিলাক লাখপতি বাইদেউ বনোৱাৰ এক অভিনৱ পদক্ষেপ গ্রহণ কৰিছে। সমান্তৰালভাৱে এই মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত অসমতো ৪০ লাখ মহিলাক লাখপতি বাইদেউ বনোৱাৰ পদক্ষেপ লৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইতিমধ্যে অসমত আত্মসহায়ক গোটৰ ৮ লাখ মহিলাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত ১০ হেজাৰকৈ প্ৰথম কিস্তিৰ পুঁজি লাভ কৰিছে আৰু ৪ লাখ মহিলাই এই পুঁজি লাভ কৰাৰ পথত আছে। বাকী বাদ পৰি যোৱা আত্মসহায়ক গোটৰ ডেৰ লাখ মহিলাকো লাখপতি বাইদেউ বনোৱাৰ পথত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচেষ্টা অব্যাহত আছে বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে কাৰ্বি আংলঙৰ বোকাজানস্থিত হাংজাংলাংছ’ খেলপথাৰত অনুষ্ঠিত আজিৰ বৃহৎ ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মহিলা উদ্যমিতা আঁচনিৰ ধনৰ চেক বিতৰণ অনুষ্ঠানৰ লগতে ১২.৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা খটখটীৰ মিনি ষ্টেডিয়াম, ২.৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বালিপথাৰ সাপ্তাহিক বজাৰ, ২.৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শিলনীজান সাপ্তাহিক বজাৰ, ২.৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৰপথাৰ সাপ্তাহিক বজাৰ আৰু ১.৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হিদিপি সাপ্তাহিক বজাৰৰো শুভ উদ্বোধন কৰে।
আজি বোকাজানত উপস্থিত হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মহিলা উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে প্রায় এক প্ৰকাৰ সমাগত ‘২৬ৰ বিধানসভা নিৰ্বাচনৰ নির্বাচনী ৰণশিঙা বজায়।
উল্লেখ্য যে আজিৰ এই মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত ক্রীড়া আৰু যুৱ কল্যাণ তথা কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্রী নন্দিতা গার্লোচা, অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন, সাংসদ অমৰছিং তিছ’, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিফু, হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যকে ধৰি বিজেপিৰ ভালেসংখ্যক নেতা-কর্মী উপস্থিত থাকে।
নিয়মীয়া বার্তা, বোকাজান, ২৪ ফেব্ৰুৱাৰী