নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ অগপৰ বিধায়ক বৃদ্ধি পাব… কামপুৰত অগপৰ বিশাল বুথ কৰ্মী সন্মিলন

বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত আজি অসম গণ পৰিষদৰ এখন বিশাল বুথ কৰ্মী সন্মিলন অনুষ্ঠিত হৈ যায়। কঠীয়াতলীৰ পৰা বাইক ৰেলীৰে এই সভালৈ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, বঢ়মপুৰ সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মণিমাধৱ মহন্তক অগপ দলৰ কৰ্মীসকলে আদৰি আনে।

সভাস্থলী উপস্থিত হৈ অগপ নেতৃত্বই কামপুৰ ৰাস পথাৰৰ সমীপত অৱস্থিত শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰে। তাৰ পাছতে জাতীয় সংগীত পৰিৱেশন কৰি নগাঁও জিলা অগপৰ উপ-সভাপতি গোলাপ নাথৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত কৰা হয়। বঢ়মপুৰৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মণিমাধৱ মহন্তই সভাৰ আদৰণী ভাষণ আগবঢ়ায়।

মহন্তই কয় যে ১৯৮৫ চনৰ পৰা একেৰাহে সাতবাৰকৈ অসম গণ পৰিষদে বঢ়মপুৰত জয় লাভ কৰি দুবাৰকৈ চৰকাৰ গঠন কৰিছিল। সেই বঢ়মপুৰ সমষ্টিত অগপই সাংগঠনিক ভেঁটি পুনৰ শক্তিশালী কৰি তুলিছে আৰু আজি উপস্থিত থকা সমূহ নেতৃত্ব আৰু কৰ্মীক তেওঁ উষ্ম আদৰণি জনায়।

মহন্তৰ পাছত অপূৰ্ব ভট্টাচাৰ্যই ভাষণ প্ৰদান কৰি কয় যে মিত্ৰতা মানে ভাল বন্ধুত্ব, বিয়ৈ-বিয়নীৰ সম্পৰ্ক। এখন শক্তিশালী আৰু দুৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে তেওঁলোক মিত্ৰতাত আৱদ্ধ হৈছে বুলি ভট্টাচাৰ্যই মন্তব্য কৰাৰ লগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফকো কটাক্ষ কৰে।

সভাত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ভাষণ প্ৰসংগত বঢ়মপুৰৰ স্বাভিমান আৰু সন্মান আছে যিটো অসমৰ ৰাইজে জানে বুলি মন্তব্য কৰে। এই সভাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে বঢ়মপুৰত যদি অগপই প্ৰাৰ্থীত্ব লাভ কৰে তেন্তে জয়ী হব।

এই সভাত ফণীভূষণ চৌধুৰীয়ে অসম গণ পৰিষদ দল আজিও শক্তিশালী হৈ আছে বুলি মন্তব্য কৰাৰ লগতে তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতি সন্মান জনাই বঢ়মপুৰ সমষ্টিৰ পৰা পুনৰ হাতীক দিছপুৰলৈ পঠাবলৈ ৰাইজক এক্যবদ্ধ হবলৈ আহ্বান জনায়।

সভাৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এন ডি এ চৰকাৰ হব আৰু আসনৰ সিদ্ধান্ত দুই এদিনতে চূড়ান্ত হব বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এইবাৰ অসমত অগপৰ বিধায়ক বৃদ্ধি পাব। মণিমাধৱ মহন্তই সাংবাদিকৰ আগত কয় যে বঢ়মপুৰৰ যোৱাবাৰৰ এন ডি এ প্ৰাৰ্থীজন খুউব কম ভোটত জয়ী হৈছিল, কিন্তু এইবাৰ ৫০ হেজাৰ ভোটত জয়ী হব।

ইফালে সভাত উপস্থিত কাৰ্যকৰ্তা সকলে ২১লৈকে অগপৰ দখলত থকা বঢ়মপুৰ সমষ্টিটো পুনৰ অগপক ঘূৰাই দিবলৈ আহ্বান জনায়। উল্লেখ্য আজিৰ এই সভাখনত প্ৰায় তিনি হেজাৰ কৰ্মী উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, কামপুৰ, ২৪ ফেব্ৰুৱাৰী

You might also like