নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেট ৰান ৰেটৰ সমীকৰণে নিদ্রা হৰিছে ভাৰতৰ

চলিত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত প্রৱেশ কৰিব পাৰিবনে ভাৰত? ছুপাৰ এইটৰ প্রথমখন মেচত দক্ষিণ আফ্রিকাৰ হাতত ৭৬ ৰানৰ পৰাজয়ৰ পিছতে সূর্যকুমাৰ যাদৱৰ সন্মুখত এয়া হৈছে ডাঙৰ প্রশ্ন৷

ৱেষ্ট ইণ্ডিজে জিম্বাব’ৱেক ১০৭ ৰানত পৰাস্ত কৰাৰ লগে লগে সমীকৰণটো অধিক জটিল হৈ পৰিছে৷ অৱশ্যে ডিফেণ্ডিং চেম্পিয়ন ভাৰতে ছেমিত প্রৱেশৰ সম্ভাৱনা এতিয়াই শেষ হৈ যোৱা নাই৷ বৃহস্পতিবাৰে জিম্বাব’ৱে আৰু দেওবাৰে ৱেষ্ট হণ্ডিজৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰত৷ এই দুখন মেচত জয়ী হ’লে ছেমিত প্রৱেশৰ সম্ভাৱনা বৃদ্ধি পাব ভাৰতীয় দলটোৰ৷

একে সময়তে যদি জিম্বাব’ৱে আৰু ৱেষ্ট ইণ্ডিজে বাকী দুখন মেচত দক্ষিণ আফ্রিকা আৰু ভাৰতৰ হাতত পৰাস্ত হয়, তেন্তে পইণ্টৰ ক্ষেত্রত ভাৰতে পোনপটীয়াকৈ অন্তিম চাৰিত প্রৱেশ কৰিব৷ যদি জিম্বাব’ৱে বাকী দুখন মেচত পৰাস্ত হয়, বাকী দুখন মেচত ভাৰত জয়ী হয় আৰু দক্ষিণ আফ্রিকাই ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হয় তেন্তে নেট ৰান ৰেট গুৰুত্বপূর্ণ হ’ব৷

কাৰণ সেইক্ষেত্রত ভাৰত, দক্ষিণ আফ্রিকা আৰু ৱেষ্ট ইণ্ডিজৰ ৪ পইণ্ট থাকিব৷ নেট ৰান ৰেটৰ ওপৰত ভিত্তি কৰি প্রথম দুটা দলে ছেমিফাইনেলৰ টিকট লাভ কৰিব৷ সোমবাৰে ৱেষ্ট ইণ্ডিজ–জিম্বাব’ৱেৰ খেলখনৰ পিছত নেট ৰান ৰেটৰ ক্ষেত্রত ছুপাৰ এহট গ্রুপ ৱানৰ শীর্ষত থাকিব ৱেষ্ট ইণ্ডিজ৷ দক্ষিণ আফ্রিকাৰ দৰেই ৱেষ্ট ইণ্ডিজেও ১খন মেচত জয়লাভ কৰি ২ পইণ্ট লাভ কৰি আছে৷

অৱশ্যে ৱেষ্ট ইণ্ডিজৰ নেট ৰান ৰেট ৫.৩৫০৷ দক্ষিণ আফ্রিকাৰ ৩.৮০০৷ ভাৰত আৰু জিম্বাব’ৱেই এতিয়ালৈকে কোনো পইণ্ট সংগ্রহ কৰিবলৈ সক্ষম হোৱা নাই৷ ভাৰতৰ নেট ৰান ৰেট -৩.৮০০ আৰু জিম্বাব’ৱেৰ -৫.৩৫০৷ জিম্বাব’ৱেৰ বিৰুদ্ধে খেলখনত নেট ৰান ৰেট উন্নত কৰাৰ বাবে সর্বোত্তম সুযোগ হিচাপে বিবেচিত হৈছে ভাৰতীয় দলটোৰ বাবে৷

গতিকে, বৃহস্পতিবাৰে কেৱল জয়ী হ’লেই যথেষ্ট নহ’ব৷ নেট ৰান ৰেটৰ ব্যৱধান বৃদ্ধি কৰিবলৈ ভাৰতে ছিকন্দৰ ৰাজা বাহিনীক ১০০ বা তাতকৈ অধিক ৰানত পৰাস্ত কৰিব লাগিব৷ যদিহে ভাৰতে প্রথমে বেটিং কৰি ২২০ ৰান কৰে তেন্তে জিম্বাব’ৱেক ১২০ বা তাতকৈ কম ৰানত অল আউট কৰিব লাগিব৷ তেতিয়া দক্ষিণ আফ্রিকাক নেট ৰান ৰেটৰ ওপৰত হেঁচা প্রয়োগ কৰিবলৈ সক্ষম হ’ব৷

ডিজিটেল ডেস্ক, ২৪ ফেব্রুৱাৰী

You might also like