নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীত বায়ুৰ মান সূচকাংক ২৯৪লৈ বৃদ্ধি

ভয়ংকৰ বায়ু প্রদূষণৰ কবলত পৰিছে গুৱাহাটী মহানগৰী৷ শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন স্থানত চলি থকা নির্মাণ, পুনঃনির্মাণ কার্যৰ ধূলি, যান–বাহনৰ ধোঁৱাই ভয়ংকৰভাৱে প্রদূষিত কৰিছে গুৱাহাটীৰ বায়ুমণ্ডল৷ চলিত মাহত গুৱাহাটীৰ বায়ুৰ মান সূচকাংক বেয়ালৈ গতি কৰিছে আৰু বায়ুৰ মান সূচকাংক ২৯৪লৈ বৃদ্ধি পাইছে৷

অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত পহিলা ফেব্রুৱাৰীৰ পৰা তিনি ফেব্রুৱাৰীলৈ আৰু ১২–১৬ ফেব্রুৱাৰীলৈ বায়ুৰ মান সূচকাংক ২০০–৩০০ৰ ভিতৰত আছে৷ ১৬ ফেব্রুৱাৰীত বায়ুৰ মান সূচকাংক সর্বাধিক ২৯৪লৈ বৃদ্ধি পাহইল৷

অৱশ্যে মহানগৰীৰ বায়ুৰ মান সূচকাংক ১৭ ফেব্রুৱাৰীৰ পৰা ২২ ফেব্রুৱাৰীলৈ ১০০–২০০ৰ ভিতৰত সন্তোষজনক আছিল৷ এই সন্দর্ভত গুৱাহাটীৰ প্রদূষণ সন্দর্ভত প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ মুখ্য পৰিৱেশ বিজ্ঞানী ড০ গৌতম কুমাৰ মিশ্রই সংবাদ মাধ্যমৰ আগত কয় যে জানুৱাৰীৰ পৰা মার্চলৈ শুকান বতৰৰ বাবে প্রতিবছৰে প্রদূষণৰ মাত্রা বৃদ্ধি হয়৷ এইবাৰো তাৰ ব্যতিক্রম নহয়৷

মহানগৰীৰ বায়ুৰ মান সূচকাংক (১০০–৩০০) সন্তোষজনকৰ পৰা বেয়া এইখিনিৰ ভিতৰতে আছে৷ বৰষুণ হ’লে বায়ুৰ প্রদূষণ হ্রাস পাব৷ গুৱাহাটীৰ বিভিন্ন স্থানত হৈ থকা নির্মাণকার্য, যান–বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু ব্রহ্মপুত্রৰ পাৰৰ বালি উৰি আহিও গুৱাহাটীৰ পৰিৱেশ দূষিত হোৱাত ইন্ধন যোগাইছে৷

সংবাদ মাধ্যমক পৰিৱেশ বিজ্ঞানীগৰাকীয়ে আৰু জনায় যে দুই–এজাক বৰষুণ আহিলে প্রদূষণৰ মাত্রা হ্রাস পাব যদিও মার্চলৈ বায়ুৰ মান সূচকাংক (১০০–৩০০) সন্তোষজনকৰ পৰা বেয়া এইখিনিৰ ভিতৰতে থাকিব৷ এপ্রিলৰ পৰা এই বায়ু প্রদূষণৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে৷

মহানগৰীৰ বামুণীমৈদামত বায়ু প্রদূষণৰ মাত্রা বেছি পোৱা গৈছে বুলিও তেওঁ সদৰী কৰে৷ অসমত বায়ু প্রদূষণত পি এম ১০ আৰু ২.৫ ধূলিকণাৰ মাত্রা অধিক৷ এই ধূলিকণাবোৰ অতি ক্ষতিকাৰক৷ অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটীত পি এম ১০ (ধূলিকণা বুলিলে বায়ুত থকা ১০ মাইক্র’মিটাৰ বা তাৰ পৰা সৰু আকাৰৰ ধূলিকণাক বুজায়) ধূলিকণা সাধাৰণতে পথৰ ধূলি, গাডীৰ ধোঁৱা, নির্মাণ কাম, কল–কাৰখানাৰ ধোঁৱা আৰু খৰি, গছৰ পাত আদি জ্বলোৱা ধোৱা আদি পৰা সৃষ্টি হয়৷

ইপিনে আগন্তুক পাঁচ দিনত ডত্তৰ–পূর্বাঞ্চল তথা অসমত বৰষুণ অহাৰ সম্ভাৱনা প্রকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই৷ অসমৰ কোনো কোনো অঞ্চলত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে যদিও গুৱাহাটী আৰু গুৱাহাটীৰ পার্শ্বৱর্তী অঞ্চলবোৰ বতৰ ডাৱৰীয়াহে হৈ থকাৰ সম্ভাৱনা আছে৷

এই সন্দর্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ মুৰব্বী ড০ সঞ্জয় অ’নেহল শ্বই জনায় যে বতৰ বিজ্ঞানৰ পর্যবেক্ষণ অনুসৰি অসমৰ লগতে অৰুণাচল প্রদেশ, অসম, মেঘালয় আৰু নাগালেণ্ডৰ কিছুমান স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ মুৰব্বীগৰাকীয়ে প্রকাশ কৰা তথ্য অনুসৰি আগন্তুক সাত দিনত গুৱাহাটী আৰু পার্শৱর্তী অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে৷

ডিজিটেল ডেস্ক, ২৫ ফেব্রুৱাৰী

You might also like