নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত নিশা পথ দুৰ্ঘটনাত নিহত ১

বকোৰ নাগোপাৰাত নিশা পথ দুৰ্ঘটনাত এজন লোক নিহত হৈছে। নিহত লোকজন হৈছে সুকুমাৰ বসুমতাৰী (৩৭)। নিহত লোকজন বকোৰ ভোগদাবাৰী গাৱঁৰ।

নিশা অচিনাক্ত বাহনে খুন্দাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। নিজ গৃহলৈ বাইকেৰে গৈ থকা অৱস্থাত সংঘটিত হয় পথ দুৰ্ঘটনা। নিশাই ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষী।

ব্যক্তিজনক আৰক্ষীয়ে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৱাহাটীৰ স্বাগত হাস্পতালত মৃত্যু হয় লোকজনৰ।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পৰা উদ্ধাৰ কৰিছে AS 14L 4230 নম্বৰৰ বাজাজ পালছাৰ মটৰচাইকেল।

ডিজিটেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী

You might also like